লুইত
- Sahitya Chorcha
- Feb 12, 2021
- 1 min read
পৰশুৰামৰ মাতৃহত্যাৰ পাপ খণ্ডিত কৰি ব্ৰহ্মকুণ্ডৰ পৰা মানস সৰোবৰৰ মাজেৰে ওলাই আহি নিৰলে নিৰৱে বৈ গৈছা অসম মাতৃৰ বুকুৰে। সমগ্ৰ অসমক আঁকোৱালি লৈছা তোমাৰ বাহুৰে। দি গৈছা পিতৃত্বৰ ছাঁৰে কৃষকক জলসিঞ্চনৰ জল তৃষ্ণাতুৰক পানীৰ প্ৰাণ কৈৱৰ্তক জীৱিকাৰ পথ ধোবাক ধোবি ঘাট ঘাটোৱালক ঘাট।
পিচে ব্ৰহ্মাৰ পুত্ৰ হৈ শিৱৰ তাণ্ডৱ নৃত্য কৰি কেনেকৈ তুমি নৈপৰীয়া জনগনক দুৰ্বিষহ দুৰ্নিবাৰ প্লাৱনৰ প্ৰলয় আনি অনিৰ্বচনীয় ক্লেশদায়ক ক্লেশৰ হিমবৰষা বৰষিলা।
পিতৃ হৈ পুত্ৰৰ এনে বিপৰ্য্যয় আনি তোমাৰ অন্তৰ অন্তৰ্দাহ হোৱা নাইনে বুঢ়া লুইত? বন্যাৰ্তৰ ব্যাকুলতা বন্যাৰ্তৰ বিক্ষত মনৰ ক্ষত-বিক্ষতা দেখি তোমাৰ হৃদয়ত সান্তনাৰ হিল্লোল বোৱা নাই নে বুঢ়ালুইত?
তোমাৰ বাহুবোৰ বিষতে বিষন্ন হৈ চাটি-ফুটি যোৱা নাই নে বুঢ়ালুইত?
পিচে পিতৃ হৈ পৰিয়ালৰ নৈতিকতাৰ নিপতন মানৱতাৰ স্খলন সংস্কৃতিৰ সম্পাত প্ৰভেদৰ প্ৰাচীৰ দেখিও আঁৰলে-নিৰলে অসম মাতৃৰ বুকুৰে বৈ সঙ্গম কৰিছা গংগাৰ বুকুত।
Comments