বাসনা
- Sahitya Chorcha
- Jan 23, 2021
- 1 min read
আজি পকেটত এটকাও নাই, দিনটো তেনেকৈয়ে চলি যায়। নাই অভাৱ, নাই অভিযোগ। চলি গৈছে,জীৱনৰ মাদকতা খাবলৈ অলপ খাদ্য হ’লেই হ’ল। মনতে ভাৱ হয়, ভিক্ষাৰীজনটো চলি আছে? যদিও মনত পুহি ৰাখো অধিক পোৱাৰ বাসনা।
মোৰ ঘৰত আজি মাছ খাম। সিহঁতৰ ঘৰত মাংস খাইছে, কাইলৈ আমিও মাংস খাম। সিহঁতে নতুন গাড়ী লৈছে, আমিও এখন নতুন গাড়ী ল’ম। সিহঁত দাৰ্জিলিং গ’ল, আমিও যাম। দুৰ্বাৰ হেঁপাহ, সকলো আজিয়েই কৰাৰ বাসনা।
তাই পিন্ধা গুলপীয়া কাপোৰ জোৰ ভাল লাগিল। মোকো এযোৰ লাগিব, বিয়াখন পালেহিয়েই। চেন্ডেলযোৰ দেখোন পুৰনাই হ’ল, নতুন এযোৰ ল’ব লাগিব। খৰ-খেদা নকৰিলে সময় বোৰ যাবগৈ। মনবোৰ মুকলি, সকলো নতুন হ’ব। “আশা” কোনো এক পোৱাৰ দুৰ্বাৰ বাসনা।
পল অনুপল কৰি, সকলোৰে আগবঢ়াৰ বাসনা। শিক্ষকে ছাত্ৰক ভাল কৰাৰ বাসনা, আই- পিতায়ে পুত্র- কন্যাক মানুহ কৰাৰ বাসনা। ৰাজনীতিবিদে সমষ্টিত জয় লাভ কৰাৰ বাসনা। কোনোৱে নতুন দল খুলি ৰাজনীতি কৰাৰ বাসনা। কনডাক্টৰে অধিক ভাড়া পোৱাৰ বাসনা। সকলো কেৱল মচগুল, জীৱনৰ নতুন বাসনাত।
জীৱশ্ৰেষ্ঠৰ এক চাৰিত্ৰিক বৈশিষ্ট্য, আছে বাসনা, যুগ-যুগান্তৰৰ পৰা। নহ’লেনো বান্দৰৰ পৰা মানব জীৱশ্ৰেষ্ঠ সম্ভৱনে? আছোঁ আজি আমি জীয়াই লৈ বাসনা…..….। কৰিছো ভৱিষ্যত জীৱনটো ভাল হোৱাৰ বাসনা। পাহৰিছো পুৰণি কথা, ভাষা সংস্কৃতি । লৈছোঁ নৱ চেতনা নৱতম বাসনা,কেৱল বাসনা।
কিছুমান অমানুহৰ বাবে জীৱশ্ৰেষ্ঠ পতন হ’লেও, জীয়াই থাকিব বাসনা, অনাদি- অনন্ত কাললৈ।
Comments