বেদনা
- Sahitya Chorcha
- Dec 23, 2020
- 1 min read
কলিজাৰ কোমল স্পন্দন কেতিয়াবা হুমুনিয়াহ হয় সপোন সপোন লগা কথাবোৰ কেকটাচৰ পাতৰ দৰে বুকুত বিন্ধে বাৰে বাৰে! ভাল লগা কথাবোৰ দুচকুৰ নীলাৰে শাওণৰ ধল হৈ বাগৰে! বিশ্বাস ভৰা প্ৰতিশ্ৰুতিবোৰ হিমশীলা হৈ বুকুত খুন্দিয়ায় বুকু ভাঙি যায়।
জীৱনে এনেকৈয়ে খেলে চাগে সময়ৰ নিষ্ঠুৰ হাতোৰাত পলে পলে হৃদয় গলি যায় জীৱনেও কেতিয়াবা আঁত হেৰুৱায়!
Comments