বনপৰী
- Dec 24, 2020
- 1 min read
তুমি কোন বনৰ পৰী তোমাৰ দুটি ওঠঁত জিলিকে ৰূপালী জোনৰ হাঁহি।
দীঘল চুলিত সৰে তোমাৰ মুকুতা মণি তুমি কোন বনৰ পৰী।
নৃত্যৰ তালে তালে তোমাৰ দুভৰিত বাজে নূপুৰ, দুচকুত ভূৱন ভুলোৱা হাঁহি, লাহি পাহি দেহৰ গঠন।
সেউজ-সোণোৱালী হাঁহি তোমাৰ মুখৰ বৰণ সুকোমল গোলাপৰ পাহি।
শুকুলা মেঘৰ আঁৰে আঁৰে থাকি অযুঁত তৰাৰ ঘুমতি ভাঙি, মুখত মেঘালী হাঁহি, তুমি কোন বনৰ পৰী।




Comments