top of page

দেউতা

  • Sahitya Chorcha
  • Jan 21, 2021
  • 1 min read

দেউতা মনত পৰিছে বৰকৈ সেই ল’ৰালি দিনবোৰলৈ৷ দুহাতেৰে সাৱটি মৰমৰ মাতেৰে মৰম দিয়া সময়বোৰলৈ৷ বোকোচাত তুলি দ’কৈ পথাৰত নমাই দিয়া ক্ষণবোৰ৷ বিষাদে ভৰি পৰিছে আজি মনত পৰি সেই দিনবোৰ৷ বিহুত আনি দিয়া গুলপীয়া ফ্ৰকটো ভাঁহি উঠিছে দুচকুত৷ আনন্দত আত্মহাৰা হৈছিলোঁ পিন্ধিছিলো সেইদিনা উলাহত৷ হাত পাতি ধৰিছিল যেতিয়া মায়ে এচাৰি ডাল লৈ আহিছিল কোবাব৷ বুকুৰ মাজত নিৰাপদে সোমাই পাইছিলো সকাহ৷ চাইকেলত তুলি লৈ স্কুলত থৈছিল সদায়৷ ঘুৰিব সময়তো বাৰে প্ৰতি চাইছিল পাছলৈ ঘনাই৷ এতিয়া যে নাই আমাৰ মাজত সেই অভাৱ কৰিবলৈ পূৰণ৷ নেদেখা দেশত থকাৰ দুবছৰে হ’ল দেখোন কেনেকৈ জনাওঁ৷

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page