জীৱন
- Sahitya Chorcha
- Apr 1, 2021
- 1 min read
মিলিব জানিলে সকলো আপোন এখন নিৰ্মল হৃদয় বোৱতী নৈখনৰ দৰে চিৰকাল প্ৰবাহিত হয় মৰম, ভালপোৱা আৰু বিশ্বাসৰ ভেটিত। কৰ্মৰ স্বীকৃতিয়ে সাহস ,প্ৰেৰণা যোগাই। মৰম ভালপোৱাৰ বাবে অনুমোদন নালাগে লাগে মাথোঁ এখন নিভাঁজ হৃদয় হৃদয় নৈৰ বুকুত উপলব্ধ হয় আনন্দ ভাড়া শীতল প্ৰশান্তি। ভেদা – ভেদ পৰিহাৰী হাতে হাত ধৰি মিলনৰ প্ৰাচীৰ সৃষ্টিৰে আদর্শ দেখুৱাই আগবাঢ়ে জীৱন যুদ্ধ। জীৱন ক্ষন্তেকীয়া আশা আৰু সপোনৰ প্ৰাপ্তি মুখ্য। জীৱনত চিৰশান্তি বিচাৰি মায়াময় সংসাৰত প্ৰত্যেকেই কৰে জীয়াই থকাৰ অভিসাৰ।
コメント