top of page

কবিতা

  • Sahitya Chorcha
  • Jan 4, 2021
  • 1 min read

নিয়ৰৰ টোপালৰ দৰে হেঁপাহৰ আশাবোৰ , কচুপাতত ৰৈ নাথাকিল।

ওৰে নিশাটো জাগিলে অসহায় জোনটিৰ দৰে।

টগবগকৈ বগাই উঠিল বুকুৰ মাজেৰে, খামুচি খামুচি লতাবনৰ আগলিৰ দৰে।

বিশ্বাসৰ দ্বীপশিখা মই আঙঠাৰ জুইত জ্বলি-পুৰি অভস্থ হৈ পৰিলোঁ।

তথাপি নিশাটো যে শেষ নহ’ল কপৌফুল নুফুলিল বহাগৰ বহাগীও নাহিল, মিছাতে মোক আশাৰ বাটত শৰাই দিয়াৰ প্ৰতিশ্ৰুতি।

বিষাদবোৰৰ পৰিসমাপ্তিৰ ঘোষণা জয় পৰাজয়ৰ মঞ্চত চলিছে অভিনয় মিছা মায়াৰ দূৰ্বাৰ জগতখনত।

কৰিলে বিশ্বাসবোৰক প্ৰতাৰণা লোতকেৰে সৃষ্টি কৰিলোঁ, দূৰ্গম পাহাৰত অসংখ্য নিজৰা।

যত সাঁচি থৈ আহিছোঁ আগন্তুক প্ৰতিযোগিতাৰ অংশ গ্ৰহণৰ প্ৰমাণ পত্ৰখন।

অসংখ্য শব্দৰগুটিৰে সজা বিশ্বাসৰ পান্ডুলিপি, সেয়াই হ’ব মোৰ নৱ দিগন্তৰ নৱ জাগৰণ, নতুন পোহৰৰ নতুন পৃষ্ঠা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page