আশংকা
- Sahitya Chorcha
- Jan 9, 2021
- 1 min read
পুৰণি কাপোৰৰ আঁৰে আঁৰে ৰূপা কেতিযা গাভৰু হ’ল আইতাই গমে নেপালে।চহৰৰ মাষ্টৰ মাষ্টৰনীৰ ঘৰত বনকৰি খাই গা বঢ়াই অহা ৰূপা নোদোকা জনী হল।আইতাই একেথৰে ৰূপালৈ চাই মূৰে কপালে হাত দি ভাবিলে। সৰুতে মাক দেউতাক ঢুকাল। বৃদ্ধা আইতাকে তুলি তালি ডাঙৰ কৰিলে। ৰূপাৰ ভৱিষ্যতৰ শিক্ষা আৰু সুৰক্ষাৰ কথা চিন্তা কৰি শিক্ষয়ত্ৰী মাধুৰী বৰা ই বন কৰা ছোৱালী হিচাপে লৈ গৈছিল। এতিয়া পাঁচ বছৰৰ মূৰত তাইক ঘৰত থৈ গল।কাৰণ ৰূপা এতিয়া পাট গাভৰু হল।আইতা ক’ত লুকুৱাই থব ৰূপাক ।পেটৰ ভোকৰ বাবে কাৰ ঘৰত হাজিৰা কৰিবলৈ পঠিয়াব। কাক বিশ্বাস কৰিব। নাৰী দিৱসত ডিঙি ফুলাই নাৰী সুৰক্ষা আৰু শিক্ষা কথা কোৱা দীঘলীয়া ভাষন দিয়া
মাধুৰী বৰাক দেখি আইতাৰ তাই কোৱা কথাষাৰ শুনি ঘৃণা ত নাক কোঁচ খাই গৈছিল।
コメント