top of page

অভাগী

সময় সন্ধিয়া প্ৰায় ৫.৩০ হৈছে নিৰুয়ে সকলোকে চাহ দি আছিল তেনেতে ঘৰৰ ওচৰতে থকা খুড়াকে আহি নিৰুৰ শাহু শহুৰেকক কয় যে তাইৰ দেৱৰেকে ঘৰত নতুন আলহী লৈ আহি আছে। শাহু – শহুৰেকে অলপো খং উঠা নাছিল বৰঞ্চ ফূৰ্তিহে কৰিছে লগে লগে শাহুয়ে ইফালে সিফালে ফোন কৰি খবৰটো দিয়ে। ওচৰ চুবুৰীয়া ও গোট খালে। নিৰুয়ে সকলো নিৰবে চাই আছিল। তেনেতে শাহুয়ে নিৰুক কয় তেওঁ বজাৰলৈ গৈ অলপ বজাৰ কৰি আনিব সকলোকে চাহ ভাত খোৱাব হেনো। মিঠাই ও আনিব লাগিব কৈ তেওঁ বজাৰ যায়। নিৰুক ঘৰ দুৱাৰ আৰু দেৱৰৰ ৰোমটো ভালকৈ অটাই – পিটাই থব দিলে। নিৰুয়ে খৰ ধৰ কৈ কাম বন কৰি আজৰি হ’ল। তেনেতে শহুৰেকৰ ঘৰৰ অঙহী বঙহী সকলো আহি ঘৰ ভৰি পৰিল। নিৰুয়ে সকলোকে চাহ দিয়ে। তেনেতে খুড়ীশাহুয়েকে নিৰুক ভাল কাপোৰ এজোৰ পিন্ধি চফাহৈ আহিব দিলে। সেয়ে তাই নিজৰ ৰোমলৈ গৈ গা- পা ধুই ভাল চাই কাপোৰ এজোৰ পিন্ধি ললে। তেনেতে ৰিয়ান অফিচৰ পৰা আহে তাই কথাটো কয় যে দেৱৰেকে কইনা লৈ আহি আছে ৰাতি ১০ টা মানত ঘৰ পাবহি। ৰিয়ানে নিৰুৰ মনৰ অৱস্থা ধৰিব পাৰিছিল। নিৰুৰ চকু চলচলিয়া হৈ পৰিছে। ৰিয়ানে তাইক সাৱতি ধৰি ক’লে, মন মাৰি নাথাকিবা সকলো থিক হ’ব। তুমি নিজৰ দায়িত্ব কৰি যোৱা। নিৰু ৰোমৰ বাহিৰত গৈ সকলোৰে লগত কথা বতৰা পাতি আছে। ৰিয়ান ৰোমতে জিৰণি লৈছে।

অলপ পাছত শাহু বজাৰৰ পৰা ওভতে লগত শাহুৰ ভায়েক আৰু ভাই বোৱাৰী ও আহে। সকলোয়ে নিজ নিজ কাম ভগাই লৈ কামত লাগে। মাছ বনোৱাই মাছ, মাংস বনোৱাই মাংস বনোৱাত লাগিল। সকলো বনাই মেলি আজৰি। ঘৰৰ পিছফালে হলৰোমত সকলো পুৰুষৰ সভা বহিছে। নাচ গান হাঁহি ফূৰ্তি। তেনেতে শাহুলৈ ফোন আহিল আৰু ১০ মিনিটত দৰা-কইনা ঘৰ পাবহি। এইবাৰ দৰা -কইনাক আদৰিবলৈ ঘৰৰ পদুলিত পিৰা এখন, পানী আদি যোগাৰ কৰিলে। নন্দাই ভৰি ধুৱাব সেয়ে তাই মেখেলা চাদৰ এজোৰ পিন্ধি গামোচা এখন লৈ সাজো। দৰা-কইনা পালেহি ৰীতি-নীতিৰে আদৰি ঘৰৰ ভিতৰত সোমোৱা হ’ল। দৰা-কইনাক পাটিত বহিব দিয়া হ’ল। ৰোমটো বহুত ডাঙৰ আছিল বাবে অঙহী বঙহী ওচৰ চুবুৰীয়াৰ সকলো তাতে বহে পিছে দেৱৰৰ বাদে অন্য পুৰুষ তাত নাছিল। নিৰুক মাতি শাহুয়েকে নিজৰ আলমাৰিৰ পৰাই নতুনকৈ শাহুয়েকে নিজলৈ লৈ থোৱা কাপোৰ জোৰ নকইনাক দিবলৈ দিয়ে লগতে সোণৰ গহণা ও দিয়ে। নিৰুয়ে এইবোৰ নি কইনাক পিন্ধাব দিয়ে। নিৰুক পৰিয়ালৰ সকলোয়ে বৰ মৰম কৰে। আনকি ওচৰ চুবুৰীয়ায়েও বৰ ভাল পায়। সকলোৰে চকু যেন নিৰুলৈ চাই আছে তাই ধৰিব পাৰিছে। কইনাক আন ৰোমত নন্দেকে লৈ যায়। কাপোৰ গহণা আদি পিন্ধাই ওলিয়াই আনে। এইবাৰ দৰা-কইনাক ওচৰা-ওচৰি কৈ বহুৱাই ওচৰৰ মহিলা সকলে কইনাক সমাজৰ ওচৰত সেন্দুৰ দিব ক’লে। দেৱৰেকে কইনাক সেন্দুৰ দিয়ে গাৱৰ মহিলা সকলে ওৰুলি দিয়ে, বিয়া নাম জোৰে। মুঠতে ওখল – মাখল পৰিৱেশ। কোনো কোনোয়ে বিহু গান গায় লগে লগে দলে দলে বিহু নাচিব ধৰে। শেষত সকলোকে ভাত – পানী খোৱাই বিদায় দিয়ে। ঘৰৰ পৰিয়ালৰ মানুহ বোৰো ঘৰা – ঘৰী হয় কাৰণ সকলোৰে ঘৰ ওচৰা-ওচৰি। নিশা ২ বাজিল দেৱৰেক ৰুবুল ৰোমতে শুলে। নকইনাক নন্দেকৰ লগত শুবলৈ দিলে শাহূয়। নিৰুও নিজৰ ৰোমলৈ যায় গৈ। আহি দেখে ৰিয়াল অহাই নাই ৰোমত। তাইৰ ভাগৰ লাগিছে আৰু নিজকে লেটেৰাও লাগিছে সেয়ে গা টো ধুইহে শুম ভাবিলে। তেনেতে ৰিয়ানো আহিল।

পোৱা সোনকালে উঠিব লাগিব সেয়ে দুয়ো শুই পৰিল। নিৰুৰ চকুত টুপনি নাই। অতীতে বাৰে বাৰে তাইৰ মনত ভুমুকি মাৰি গৈছে পহৰিব খুজিও তাই পাহৰিব পৰা নাই। তাইৰ মনত পৰিছে তাইক বিয়া পাতি অনাৰ পিছত শাহু – শহুয়ে কৰা অৱজ্ঞাৰ কথা, ক’ত ককৰ্থনাৰ সন্মুখীন হৈছিল তাই। ঘৰ সোমোৱা দিন ধৰি তাই অকল কেতেৰা মাতেই পালে। উৎসৱ পাৰ্বনত কোনো দিন তাইক সূতা এটাও নিদিয়ে তেওঁলোকে। নিৰু বৰ অভাগি সচাই অভাগি। দেউতাকে আনৰ গাড়ী চলাইছিল। বিয়াৰ বহু বছৰ পাছত নিৰু আহিছিল তেওঁলোকৰ জীৱনলৈ। কিন্তু নিৰুৰ কপাল ইমানেই বেয়া আছিল যে নিৰুৰ জন্মৰ কিছুদিন পাছত দেউতাক ঘৰলৈ নহা হ’ল। মাকে কণমানি নিৰুক বুকুত সোমোৱাই পাগলীৰ দৰে গিৰিয়েকক বিচাৰি ফুৰিছিল। নাই কোনো খবৰ নাই তেওঁৰ। তেনেতে এদিন খবৰ এটা আহিল নিৰুৰ দেউতাকে দ্বিতীয় সংসাৰ পাতিছে। নিৰুৰ মাকে কান্দি কান্দি বাউলী হৈ পৰিছে। ওচৰৰ মানুহবোৰে সকাহ দিছে ছোৱালী জনীৰ মুখলৈ চাই তই জীয়াই থাকিব লাগিব। সি মৰিলে বুলি ধৰি ল। হাজাৰ হ’লেও বুকুৰ মানুহ জন আনৰ হৈ গ’লে কোনেনো সহিব পাৰে। নিৰুৰ মাকে ঠিকনা বিচাৰি বিচাৰি দেউতাকৰ ওচৰ গৈ পালে। নিৰুৰ মাকক দেখাৰ লগে লগে দুৱাৰ বন্ধ কৰি দিয়ে। তেওঁ হাতজোৰ কৰি কান্দি কান্দি কাকূতি কৰে আপোনালোক ঘৰলৈ ব’লক সকলোয়ে একেলগে থাকিম। দৰকাৰ হ’লে মই আপোনাৰ বান্দি হৈ থাকিম। নাই তেওঁৰ কথা নোশুনিলে। অৱশেষত নিৰুক লৈ মাক ঘৰমূৱা হয়। নিৰু বুকুত সাৱতি মাকে মা অ’ মা বুলি হিয়া উজাৰি শেষ বাৰলৈ কান্দে। আৰু মনতে ঠিৰাং কৰিলে আজিৰ পৰা তেওঁ য়েই নিৰুৰ মাক -দেউতাক।

নিৰুৰ মাকে আনৰ ঘৰত কাম কৰি কৰি তাইক ডাঙৰ কৰিলে। কিমান ৰাতি অনাহাৰে পাৰ কৰিলে। লোকৰ পোৰনা কাপোৰ পিন্ধি য়ে তাই আৰু মাকে নিজৰ শৰীৰ ঢাকিছিল। হাজাৰ কষ্ট কৰি হ’লেও মাকে নিৰুক মেট্ৰিক দিয়ালে। পঢ়াত নিৰু বৰ তীক্ষ্ণ আছিল সেয়ে নিৰুৰ পঢ়াৰ দায়িত্ব তাই পঢ়া স্কুলৰ প্ৰধান শিক্ষকে লৈছিল। কিতাপ,বহী, কলম, বিদ্যালয়ৰ ইউনিফৰ্ম ও প্ৰধান শিক্ষকে দিছিল। ইমান কষ্টৰ মাজতো যে তাই নিয়াৰিকৈ পঢ়ি গৈছে সেয়ে সকলোয়ে তাইক প্ৰশংসা কৰিছিল। মেট্ৰিকত নিৰুয়ে প্ৰথম স্হান আৰু চাৰিটা বিষয়ত লেটাৰ পায়। নিৰুয়ে মাকক সাৱতি ধৰি খুব কান্দে। হায়াৰ চেকেণ্ডেৰী পঢ়োৱাৰ সিদ্ধান্ত লয় তাই পঢ়া স্কুল কতৃপক্ষই। নিৰুয়ে হায়াৰ চেকেণ্ডেৰী ও প্ৰথম স্হান আৰু ইংৰাজী, অসমীয়া, বুৰঞ্জী ত লেটাৰ পায়। প্ৰধান শিক্ষকে তাইক বি এ পঢ়াবলৈ কয়। তাই ও বুৰঞ্জীত মেজৰ লৈ পঢ়া কথা কয়। প্ৰধান শিক্ষকক তাই ভগৱান মানে তেওঁৰ বহু উপকাৰ কৰিছে তাই আৰু মাকক। খুড়াক বৰতাকে নিৰুহতৰ মাটি-বাৰীও কাঢ়ি লৈছিল এই চাৰেই নিজৰ মাটি এটুকুৰা দিছিল দুয়ো মাক- জীয়েকক থাকিবলৈ। নিৰু বিএ পঢ়ি থাকোতেই এদিন হঠাৎ মাকৰ মূৰ ঘূৰাই নাদৰ পাৰত পৰিল। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিয়তিৰ লিখন এইবাৰ মাকেও যাব ওলালে তাইক এৰি। মাকৰ কাষতে এজনী সৰু ছোৱালীৰ দৰে উচুপি উচুপি তাই বহি আছে। কোনোবাই পানী খোৱাই দিলে খাই। কোনোবাই হাতত ধৰি উঠাই দিলে উঠে বহাই দিলে বহে। মুঠতে ৰ’ লাগি মাকলৈ চাই আছে। চিকিৎসালয়ত থকা এক সপ্তাহ পাছত মাকে চকু মেলিছে নিৰুক মাতিছে নিৰু মাজনী। মাকৰ মাতত নিৰুৰো যেন প্ৰাণ ঘূৰি আহে। মা মা মা কৈ তাই মাকক সাবতি ধৰে। মাকে যেন গম পাইছে তেওঁৰ অন্তিম সময় নিচেই কাষত। নিৰুক মাকে চাৰক মাতি আনিব কয়। সেয়ে নিৰুৰ মাকক এৰি যাব মন নাছিল যদিও চাৰক মাতিব যায়। চাৰক লৈ নিৰু উভতি আহে। চাৰক হাতজোৰ কৰি নিৰুক চাবলৈ কয়। তেওঁৰ বাহিৰে নিৰুৰ কোনো নাই। আজিৰ পৰা নিৰুক আপোনাৰ ভৰসাত এৰিলোঁ বুলি কৈ নিৰুৰ মূৰত হাতবোলাই মাকে চিৰবিদায় মাগিলে এই মায়াময় পৃথিৱীৰ পৰা। নিৰুক কোনোৱেও বুজাব পৰা নাছিল তাই পাগলীৰ দৰে অকল মা মা মা কৈ কান্দিয়ে থাকিল। কান্দি কান্দি অচেতন হৈ পৰে। গাৱৰ ৰাইজে সকলো মৃতকৰ কাজ-কৰ্ম কৰে। নিৰুৰ মাত বোল নাই। যোনে যি কৰিব কৈছে তাই চাবি দিয়া পুতলাৰ দৰে কৰি গৈছে।

মাকৰ মৃত্যুৰ পাছত তাইক চাৰে ছোৱালী হোষ্টেলত থৈ আহে। প্ৰতি দেউবাৰে চাৰে নিৰুক খবৰ লবলৈ হোষ্টেলত আহে। এনেদৰে আহোতে চাৰে এদিন ৰিয়ানক লগ পায়।ৰিয়ান ছাৰৰ এসময়ত ছাত্ৰ আছিল। : ৰিয়ান বৰ অমায়িক ল’ৰা আছিল বাবে ৰিয়ান ছাৰৰ প্ৰিয় শিষ্য আছিল। চাৰে মনতে ভাবিলে এই আজলী নিৰুজনীক ৰিয়ানলৈ দিব পাৰিলে বৰ ভাল আছিল। সি বৰ্তমান ক’ত থাকে কি চাকৰি কৰে বিয়া কৰালে নাই আদি কথাৰ চলেৰে সকলো খবৰ ললে। পাৰিলে এদিন আহিবা বুলি কৈ দুয়ো বিদায় লব লওতেই ৰিয়ানে চাৰক টাওনলৈ অহা কাৰণটো সুধিলে। চাৰে নিৰুৰ কথা কলে। কিন্তু গোটেই কথা নকলে এদিন ঘৰলৈ আহিবা সকলো কম কৈ বিদায় ললে। নিৰুয়েও চাৰলৈ বাট চাই আছিল। নিৰুৰ পঢ়াশুনা কেনে চলিছে। হোষ্টেলত কিবা অসুবিধা হৈছে নেকি সুধিলে। নাই সকলো থিকে আছে বুলি কয়। তাইক টকা ৩০০০ আৰু লগতলৈ যোৱা খোৱা বস্তু বোৰ দি চাৰ ঘূৰি আহে। নিৰুয়েও ছাৰৰ ভৰিত ধৰি সেৱা কৰে। তাইক হ’ব দে মাজনী কৈ চাৰে তাইৰ মূৰত হাতবোলাই। চাৰে সদায় তাইক নিৰু বুলি মাতে মাকৰ বাদে তাইক কোনোয়ে মজনী বুলি নকয়। তাইৰ লগে লগে মাকলৈ মনত পৰি চকুহাল চলচলিয়া হৈ পৰে। চাৰে তাইলৈ চাই নিজকে বৰ দোষী যেন অনুভৱ কৰিলে। চাৰে ক’ব নোৱাৰাকে নিৰুৰ ঠাইত মাজনী বুলি কৈ পালে। চাৰ নিৰু তোক আঘাত দিয়া বাবে মোক ক্ষমা কৰিবি। ছাৰৰ কথা শুনি নিৰুয়ে কয়, নাই চাৰ আপুনি মোক আঘাত দিয়া নাই। অকল মায়ে মোক মাজনী কৈছিল। আজি বহু দিন মূৰত আপোনাৰ মুখেৰে মাজনী নামটো শুনি মালৈ মনত পৰি গ’ল। আপুনি মোক মাজনী বুলি মাতিব নে চাৰ —–কয় নিৰু আঠু কাঢ়ি মাটিত বহি কান্দিব ধৰিলে।

চাৰে নিৰুক নিজৰ সন্তানৰ দৰে মানে। হ’ব হ’ব তোক মই মাজনী বুলিয়ে মাতিম, উঠ এতিয়া কন্দা কটা নকৰ। ভালদৰে পঢ়ি সুনাম অৰ্জন কৰ কৈ চাৰেও চকুত চকুলো লৈ ওভতে। এইদৰেই নিৰুয়ে সুখ্যাতিৰে স্নাতক উত্তীৰ্ণ হয়। ছাৰৰ যে আনন্দৰ সীমা নাই। সকলোকে কৈ ফুৰিছে মোৰ মাজনী মোৰ ছাত্ৰী আজি স্নাতক ডিগ্ৰী লাভ কৰিলে। ৰিয়ানো হঠাৎ আহি ছাৰৰ ঘৰত উপস্হিত হয়। ৰিয়ানক নিৰুয়ে চিনি নাপাই। চাৰ – বাইদেউ বজাৰলৈ গৈছে। নিৰু য়ে তেওঁলোকৰ মান ৰাখা বাবে তাইলৈ উপহাৰ আনিব যায়। নিৰুয়ে ৰিয়ানক বাহিৰত থকা চকীখনতে বহিব দিলে। তায়ো ওচৰতে চকীদাৰ থিয় হোৱা দি চাৰ বাইদেউ নহালৈ ৰৈ থাকিল। কিছুসময় পাছত তেওঁলোক ওভতি আহে। ৰিয়ানক দেখি চাৰ আচৰিত হোৱাৰ লগতে ফূৰ্তিও পায়। ৰিয়ানেও চাৰ বাইদেউক সেৱা জনায়। চাৰে ৰিয়ানৰ লগত নিৰুক পৰিচয় কৰাই দিয়ে। চাৰে ৰিয়ানৰ লগত বাৰান্ডাতে বহে। নিৰু আৰু ছাৰৰ পত্নী ঘৰৰ ভিতৰলৈ যায়। নিৰুয়ে মাজতে আহি চাহ দুকাপ দি যায়। ৰিয়ানক চাৰে ভাত খাই যাব দিছে সেয়ে নিৰু বাইদেউৰ লগত ইটো সিটো কাম কৰি দিছে। ৰিয়ানে বৰ আগ্ৰহেৰে নিৰুৰ বিষয়ে সুধিছে। চাৰে নিৰুৰ গোটেই জীৱন কাহিনী ক’লে। নিৰুৰ জীৱনী শুনি ৰিয়ানৰো যেন বুকু খন বিষাই গৈছে। তেনেতে নিৰুয়ে তেওঁলোকক ভাত খাবলৈ মাতে। ভাত পানী খাই ৰিয়ান ঘৰলৈ আহে। তাৰ আজি টোপনি নাই। নিৰুৰ কথাকে তাৰ মনত পৰি আছে। ইমান দুখ কষ্ট সহ্য কৰিছে তাই। তাৰ মাজতো ইমান নিয়াৰিকৈ পঢ়া শুনা কৰিছে। তাই লৈ তাৰ সন্মান বহু গুণে বাঢ়ি যায়। : ভগৱানে যেন নিৰুৰ সুখ সহিব নোৱাৰে। কণাবিধাত শেন চকুয়ে যেন নিৰুকেই পয্যাবিক্ষণ কৰি থাকে। ভগৱানো ইমান নিষ্ঠুৰ হ’ব পাৰে নে? চাৰ – বাইদেউ সম্পৰ্কীয় ভতিজা এজনৰ বিয়া খাবলৈ গৈছিল। বিয়া ঘৰৰ পৰা নিশাই ঘূৰি আহে। নিৰুক লগ ধৰিছিল তাই যাব মন কৰা নাছিল সেয়ে তাইক ঘৰত থৈ গৈছিল। তাই ঘৰত অকলে থকা বাবে তেওঁলোক ঘূৰি আহে। বিধাতাৰ লিখন নহয় খন্দন বাটত আহি থাকোঁতে তেওঁলোকৰ গাড়ীখন দূৰ্ঘটনাগ্ৰস্ত হয়।

নিৰুৰো আজি মনটো ভাল লগা নাই। তাই চাৰহতলৈ বাট চাই আছে। কাৰণ তেওঁলোকে ফোন কৰিছিল যে অলপ পাছত আহি ঘৰ পাবহি। বহুত পলম হ’ল নহা দেখি তাই ফোন এটাকে কৰো ভাবি ফোনটো হাতত লওতেই ফোনটো বাজি উঠিল। বাইদেউৰ ফোন আহি পালেহি চাকে গেট খন খুলিবলৈ ফোন কৰিছে ভাবি ফোনটো লৈ ঘৰৰ ভিতৰৰ পৰাই খিৰিকীৰে বাহিৰলৈ চাই কিন্তু গাড়ীৰ হৰ্ণ বা লাইটৰ পোহৰ নেদেখি তাইৰ মনটো গধুৰ হৈ পৰে। লগে লগে ফোনটো ৰিচিভ কৰি হেলো বুলি কয়। ইফালৰ পৰা অচিনাকী মাত এটা ভাহি আহি কয় — হেলো আপুনি নিৰু হয় নে? নিৰুয়ে হয় বুলি কয় আৰু সুধে এইটো মোৰ বাইদেউৰ নাম্বাৰ হয়। আপুনি ক’ত পালে? তেতিয়া তেওঁ কয় আপোনাৰ বাইদেউহতৰ গাড়ীখনৰ দুৰ্ঘটনা হৈছে। তেওঁলোকক ডিমৌ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নিৰু বাকৰুদ্ধ নিথৰ হৈ পৰে। এইবাৰ তাইৰ চকুত চকুলো নাই। তাই যেন এচটা কাঠ। ঘৰৰ দুৱাৰখন খুলি পদুলিমুৰত জপনাখন খুলি মাটিত বহি আছে। তাইক এইদৰে দেখি ওচৰ চুবুৰীয়া ওলায় আহি নিৰু নিৰু কি হ’ল, তই কিয় এনেকৈ বহি আছ? চাৰ – বাইদেউ আহিল নে বিয়া ঘৰৰ পৰা? তেওঁলোকৰ ভয় হৈছিল যে নিৰুক ঘৰত অকলে পাই কোনোয়ে তাইৰ লগত অসৎ কাৰ্য কৰিলে নেকি? কেইজনমান গাৱৰলোক ছাৰৰ ঘৰত সোমাই দেখে ঘৰ ঠিকে আছে কোনো বাহিৰা মানুহ সোমোৱা নাই। ঘৰটো সুন্দৰকৈ পৰিপাটি হৈ আছে। চাৰহত ঘূৰি অহা নাই ক’লে দুই এজনে। নিৰুক ধৰি ভিতৰলৈ আনিব লয়. নাই তাইক আনিব পৰা নাই ভিতৰলৈ। উঠাব ললেই তাই মাটিত বাগৰি দিয়ে। কোনোয়ে একো ধৰিব পৰা নাই তাইৰ নো হৈছে কি?

তথাপিও নিৰুক দুই চাৰিজনী মহিলাই উঠাবলৈ চেষ্টা কৰে নাই উঠাব পৰা নাই। ওচৰতে থকা আইতা এগৰাকীয়ে নিৰুৰ নিচেই কাষত বহি মৰমেৰে তাইক সুধে, আই অ’ কি হৈছে তোৰ মোকে ক’চোন মাই। তেনেতে আইতাই প্ৰত্যক্ষ কৰে নিৰুয়ে যেন কিবা এখন দুহাতেৰে সাবতি বুকুৰ মাজত লৈ আছে। আইতাই চাও মা তই কি লৈ আছ। গাৱৰ মানুহবোৰেও অধিক কৌতূহলেৰে চাব ধৰিলে নিৰুয়ে কি লৈ আছে বুলি। আইতাই লাহেকৈ তাইৰ দুবাহুৰ মাজৰ পৰা তাই বুকুত সাৱতি থোৱা ফটো খন লয়। চাৰ – বাইদেউৰ ফটো খন দেখি তেওঁলোক বুজি উঠিছিল যে কিবা এটা বৰ ডাঙৰ অঘটন ঘটিছে। সেইসময়ত নিৰুৰ ফোনটো পুনৰ বাজি উঠিল। ঘৰৰ ওচৰৰ খুড়া এজনে ফোনটো ধৰে,,,। তেতিয়া হে সকলোয়ে ঘটনা টো গম পায়। তেওঁলোকৰ অৱস্থা অতি সংকটজনক বুলি জনাই অতি শীঘ্ৰে চিকিৎসা লয়লৈ আহিব দিয়ে।নিৰুক বাৰে বাৰে বিচাৰিছে কয়। ইতিমধ্যে বাইদেউ আৰু গাড়ীচালকৰ মৃত্যু ঘটিছে কয়। নিৰুৰ বাবে যেন ছাৰৰ প্ৰাণ বায়ু ৰৈ আছে। নিৰুক কোনো মতে টানি আজুৰি গাড়ীত বহাই চিকিৎসালয়লৈ লৈ যায়। চাৰে ইতিমধ্যে ৰিয়ানক ফোন কৰি মাতিছিল। ছাৰৰ একমাত্ৰ সন্তান কৰ্মসূত্ৰে দিল্লীত থাকে তালৈও খবৰ দিয়া হয়। ছাৰৰ ঘৰৰ নিচেই কাষত থকা ছাৰৰ বন্ধু আৰু নিৰুৰ বান্ধৱী এজনীয়ে নিৰুক ধৰি ধৰি চিকিৎসালয়ৰ ভিতৰত লৈ যায়। তেওঁলোকে বিচাৰি বিচাৰি চাৰক থোৱা কেবিনটোত পায়গৈ। নিৰুক নি ছাৰৰ কাষত বহুৱালে। নিৰুক দেখা মাত্ৰই চাৰে চটপটাই উঠিল। মাজনী আহিলি তই। মই তোলৈ বাট চাই ৰৈ আছিলো। মই এপলকো চকু মোদা নাই অ আই কি জানি তোক নেদেখা কৈয়ে যাও গৈ বুলি। আই অ’ এবাৰ শেষ বাৰলৈ ছাৰৰ ঠাইত দেউতা বুলি মাত। আজি মই মোৰ অন্তিম দায়িত্ব পালন কৰিম,, পিতৃ দায়িত্ব আই। মই বৰ কষ্টত চকু মেলি আছো মাজনী। তোৰ অপেক্ষাতে মই যমৰ লগতো যুজি আছো আই এবাৰ মোক দেউতা বুলি মাত। ছাৰৰ মাতত নিৰু হূকহুকাই কান্দিব ধৰিলে। মই কিয় ইমান অভাগী কিয়? সকলোৱে মোক আধা বাটতে এৰি যায় গৈ। আপুনি ও শেষত মোক এৰি যাব ওলাইছে অ দেউতা। মোকো লগত লৈ যাওক। বাইদেউ ক’ত বাইদেউ?

ছাৰ — তেওঁ আমাক এৰি আগতেই গ’ল গৈ। তেওঁ সদায় কৈছিল মোক তেওঁ বিধবাৰ সাজত নহয় শীৰত সেন্দুৰ লৈ কইনাৰ দৰে বিদায় ল’ব এই পৃথিৱীৰ পৰা। তেওঁ সদায় মোতকৈ আগত যাম কয় আৰু চোৱা আগতেই গ’ল। নিৰুয়ে নিজকে কুলক্ষিণী ডাইনী বুলি কয় যাৰে জীবনত তাইৰ প্ৰবেশ হয় তাৰে ক্ষতি হয় কৈ কৈ কান্দিব ধৰিলে। তাই চিঞৰি চিঞৰি কয় — হে ভগৱান মই কি এনে পাপ কৰিলো যে তুমি মোক ইমান কষ্ট দিছা। তেনেতে ছাৰৰ যাও যাও অবস্থা। চাৰে ৰিয়ানক হাতজোৰ কৰি নিৰুক নিজৰ জীৱন সংগী ৰূপে গ্ৰহণ কৰিবলৈ মিনতি কৰে। মাজনী – ৰিয়ান মই তহতক নোসোধাকৈ মই মোৰ এই প্ৰস্তাৱটো তহতৰ আগত ৰাখিলোঁ। এইতোয়ে মোৰ অন্তিম ইচ্ছা কৈ চাৰে নিৰুৰ হাতখন ৰিয়ানৰ হাতত দিয়ে। ৰিয়ানেও ছাৰক শপত দিলে সি নিৰুক আজীৱন সুখত ৰাখিবলৈ চেষ্টা কৰিব। জীৱনৰ প্ৰতিটো মূহুৰ্তত সি তাইৰ লগত থাকিব। নিৰু —- মই আপোনাৰ কথা ৰাখিম দেউতা। আপুনি মোক এৰি নেযাব। মই আপোনাৰ প্ৰতিটো কথা মানি আহিছোঁ আৰু মৃত্যুৰ আগ মূহুৰ্ত লৈ মানিম —– মাত্ৰ আপুনি মোক নিঠৰুৱা নকৰিব। ছাৰ —- নাই অ’ মাজনী মোৰ যাবৰ হ’ল। তেওঁ ৰৈ আছে মোলৈ। মই আহিলো আই। আহিলো। কৈ চাৰে চিৰবিদায় মাগিলে। নিৰু কান্দিছে মাথোঁ কান্দিছে। : ছাৰ – বাইদেউৰ নিথৰ দেহক ঘৰলৈ অনাৰ ব্যবস্থা কৰা হয়। তেওঁলোকৰ একমাত্ৰ সন্তান সপৰিবাৰে আহি গধূলি ঘৰ পাবহি। গঞা ৰাইজে সকলো যা-যোগাৰ কৰি আছে।ৰিয়ানেও আগ ভাগ লৈছে। মাজে মাজে নিৰুৰো খবৰ লৈ আছে। তাইক এইদৰে দেখি তাৰ অন্তৰ খনে হাহাকাৰ কৰিছে। সি মনতে প্ৰতিজ্ঞা কৰিলে ইয়াৰ পিছত সি নিৰুৰ জীৱনত আৰু দুখ আহিব নিদিয়ে। বহুত দুখ কষ্ট সহ্য কৰিছে তাই। চোতালত দুয়োখন চাঙিত ছাৰ বাইদেউ দুয়োকে ওচৰা-ওচৰি কৈ থোৱা আছে। চাৰিওফালে ধূপৰ গোন্ধই আমোলমোলাই আছে মাজতে এগছি বন্তি ও জ্বলাই থোৱা আছে। নিৰু হঠাৎ উঠি আহি বাইদেউক চাই কয় —– আজি আপোনাক বৰ ধুনীয়া লাগিছে। একদম কইনা কইনা লাগিছে। উঠক চোন বাইদেউ দাপোনত নিজকে এবাৰ চাওক। চাৰে ও খঙ কৰি দেখিছে আপোনাৰ ওচৰতে শুই আছে। আপুনি উঠিলে তেওঁ ও উঠিব। উঠক চোন উঠক ———- কিয় ইমান ঠেহ পাতি আছে উঠক না। বাবা দা আহিব বৌ আহিব। মই কি কম তেওঁলোকক। উঠক উঠক কৈ হিয়া ঢোকি কান্দিব ধৰিলে। : নিৰুৰ মানসিক অৱস্থা সকলোৱে বুজিছে সেয়ে তেওঁলোকে তাইক বাধা দিয়া নাই। তাইযে এতিয়া একেবাৰেই অনাথ হ’ল আগলৈ আৰু কিমান কি সহিব লাগে তাকে প্ৰায়বোৰ মানুহে আলোচনা কৰিছে। কিছুমানে কৈছে সচাই বৰ দূৰ্ভগীয়া ছোৱালী জনী অকল দুখহে পাইছে জীৱনত। আন এচামে আকৌ বুবু বাবা কৰিছে বৰ কালিকা লগা দেই নিৰু ভয়ে লাগে হেনো তাইলৈ। জন্ম হৈয়ে মাকৰ সংসাৰ খন খালে, এতিয়া যোনে লালধ পালন কৰিলে সিহতকো খালে। কি যে বেয়া ক্ষণত জনম লৈছিল আদি নানান কথা। তেনেতে ছাৰৰ পুত্ৰ বোৱাৰী পালেহি। মাক দেউতাকৰ মৃত শৰীৰ দুটাক দেখিয়ে সি দৌৰি আহি তেওঁলোকৰ চাঙিদুখনৰ মাজত বাগৰি কান্দি কান্দি কয় —– মা দেউতা তোমালোকে মোলৈ অলপো ৰব নোৱাৰিলা নে? মোক এৰি যাব বেয়া নালাগিল নে তোমালোকৰ! অৱশেষত হৰিধ্বনি দি দুয়োকে শ্মশানলৈ নিবলৈ সাজো হয়। সকলোৱে মৃতকক সেৱা জনায় বিদায় দিয়ে।

মৃতকৰ সকলো কাজ – কৰ্ম শেষ হোৱাৰ পাছত ছাৰক দিয়া বচন মতে নিৰুক ৰিয়ানে নিজ ঘৰলৈ নিবলৈ ছাৰৰ পুত্ৰ বোৱাৰীৰ ওচৰত অনোৰুধ কৰে। যিহেতু দেউতাকে ঠিক কৰি গৈছে তেওঁলোকৰ আপত্তি নাই। বৌৱেকে তাইক কাপোৰ এজোৰ পিন্ধাই আৰু শাহুয়েকে বহুত আগতেই তাইক কৈ থৈছিল তেওঁ নিৰুৰ কাৰণে অলপ গহণা বনাই থৈছে। শাহুৰ বাকচটো খুলি সেই গহণা খিনিও তাইক পিন্ধাই ওচৰৰ মানুহ দুই এঘৰক সাক্ষী কৰি নিৰুক ৰিয়ানৰ লগত পঠিয়াই। ৰিয়ানে সকলোৰে ওচৰত নিৰুক শিৰত সেন্দুৰ দিয়ে তাইক লৈ ঘৰলৈ ওভতে। ছাৰৰ ল’ৰাই যাক নিৰুয়ে বাবাদা কয় —- তেওঁ নিৰুক ঘৰৰ চাবি এভাগ দি কয় —– এইটো তোৰো ঘৰ মোৰো ঘৰ মাজে মাজে আহি ঘৰ দুৱাৰ চোৱাৰ চলেৰে থাকি যাবি। আমিও দুই এদিনতে ঘূৰি যাম। নিৰুয়ে যেন ছাৰক হে দেখা পাইছে। হ’ব বাবাদা কৈ চকুলো মচি মচি সেৱা কৰে। দাদা বৌ মই আহিলো কৈ মূলঘৰত সেৱা জনায় ৰিয়ানৰ লগত যায় গৈ। ঘৰ গৈ ঘৰৰ বাহিৰৰ পৰাই ভনীয়েকলৈ ফোন কৰি কথাটো কয়। ভনীয়েকে মাক দেউতাকক কয় দাদাই বিয়া পাতি কইনা আনিছে।ঘৰৰ বাহিৰত ৰৈ আছে। ওচৰতে থকা খুড়া – খুড়ী ও ৰিয়ানক দেখি নিজ ঘৰৰ পৰা আহি সিহতৰ ঘৰ পায়হি। মাকে ঘৰৰ ভিতৰ পৰাই ওলাই নাহিল। খুড়ীয়েকে নিৰুক নিজৰ ঘৰত নি বহিব দিলে।নছোৱালী এইদৰে ৰৈ থাকিলে বেয়া দেখি কৈ নিজ ঘৰলৈ লৈ যায়। ৰিয়ানে মাক – দেউতাকক ক্ষমা খোজে। নাই কোনো পদ্ধেই নিৰুক সোমাব নিদিয়ে। মাকে কয় ——–য’ৰ পৰা আনিছ তাতেই থৈ আহ। মোৰ ঘৰত থাকিব নোৱাৰে। ৰিয়ানৰ খুড়া – খুড়ীয়েকেও মাকক বুজাই নাই তেওঁ কাৰো কথা নোশুনে। ৰিয়ানে শেষত ঘৰৰ পৰা ওলাই আহি নিৰুৰ ওচৰ পায়হি। নিৰু —– আপোনাৰ ঘৰত মান্তি হোৱা নাই নেকি? মই কৈছিলো আপোনাক মই এটা কাল। মোৰ প্ৰবেশে মানুহৰ জীৱনত সুখ শান্তি নানে, আনে অকল ধ্বংস। ৰিয়ান —– আজিৰ পৰা এনে কথা নকবা। সকলো ঠিক হ’ব। আমাৰ মাৰ খঙটো অলপ বেছি। খুড়াহতে বুজাই আছে তুমি চিন্তা নকৰিবা কৈ ৰিয়ান পুনৰ ঘৰমূৱা হয়। অৱশেষত দেউতাকে ৰিয়ানক কয়, যা তাইক ঘৰলৈ লৈ আহ আনিলি যেতিয়া। ৰিয়ানে নিৰুক লৈ আহে। দেউতাক বাৰাণ্ডাতে বহি আছিল। ৰিয়ানে চিনাকি কৰাই দিলে। নিৰুয়ে সেৱা জনায়। দেউতাকে হ’ব হ’ব কৈ মাকৰ ওচৰত নিব দিয়ে ৰিয়ানক।

মা মা কৈ ৰিয়ানে মাতে মাকে মুখেৰে একো নকলে। তথাপিও নিৰুক চিনাকি কৰাই দিলে, নিৰুয়ে সেৱা কৰিব লয় মাকে ভৰিখন আতৰাই দিয়ে। নিৰুৰ মনটো লগে লগে মৰহি যায়। তাৰপাছত খুড়া খুড়ীক চিনাকি কৰাই দিলে নিৰুয়েও সেৱা জনায়। খুড়ীয়েকে ৰিয়ানৰ ভনীয়েকক নিৰুক ৰিয়ানৰ ৰোমত লৈ যাবলৈ দিয়ে। ভনীয়েকে নিৰুক লগত লৈ যায়। ৰিয়া (ৰিয়ানৰ ভনীয়েক) বৌ এইটো আমাৰ দাদাৰ ৰোম আহা বহা কয়। ৰোমত তুমি ওৰণি ল’ব নালাগে। চাও আমাৰ ৱৌজনী কেনেকুৱা কৈ ওৰণি খন আতৰাই দিয়ে। বাহ দাদাৰ পছন্দ মানিব লাগিব।ইমান ধুনীয়া মৰমলগা বৌজনী মোৰ কৈ বৌৱেকক সবতি ধৰি গালতে চোমা এটা দিয়ে। নিৰুৰো মনটো ভাল লাগি গ’ল ইমান মৰমীয়াল ননদ জনী পায়। বৌৱেকক বহিব দি ৰিয়া পাকঘৰলৈ আহি বৌৱেকৰ কাৰণে পানী এগিলাচ লৈ যায়। মাক ৰোমত সোমাল যি সোমালেই। খুড়ীয়েকে চাহ কৰিলে সকলোকে দিলে। নছোৱালীকো চাহ দিয়াৰ চলেৰে চাবলৈ যায়। এইয়া নিৰুৰ প্ৰথম দিনৰ অভিজ্ঞতা শাহুআইৰ ঘৰত। ইকাণ সিকাণ বাগৰি গোটেই গাওঁ খনে খবৰ পালে ৰিয়ানে বিয়া পাতিলে বুলি পিছে ৰিয়ানৰ ঘৰত মানি লোৱা নাই বুলি গম পায় কোনো অহা নাই নকইনা চাবলৈ। কাৰো ভাত পানী নাই সেইদিনা ঘৰটো মৈশালীৰ দৰে নিস্তদ্ধ হৈ আছে। সকলো নিজ নিজ কোঠাত সোমাই আছে। নিৰুৰ নিজকে দোষী দোষী লগা হ’ল। তাই ৰিয়ানক ক’লে, আপুনি মোক ছাৰৰ ঘৰত আকৌ থৈ আহক। মোৰ বাবে আপোনাৰ ঘৰত অশান্তি হৈছে কৈ বিচনাৰ এচোকত বহি কান্দিছে। অশ্ৰুয়ে যেন নিৰুৰ লগ এৰিব নোখোজে। ৰিয়ান ——– তুমি মোৰ সহধৰ্মিনী মোৰ অৰ্ধা্ংগীনি, তোমাৰ সুখ – দুখৰ সমভাগী মই। মা – দেউতাই যদি স্বীকাৰ নকৰে আমি কালি ইয়াৰ পৰা যাম গৈ। তোমাৰ চাকে ভোক লাগিছে ন। নিৰুয়ে নাই লগা এনে পৰিস্থিতিত ভোক পিয়াহ একো নালাগে ক’লে। দুয়ো বহি বহিয়ে ৰাতিটো পাৰ কৰিলে। ৰাতিপুৱাৰ ভাগত ৰিয়ান শুই পৰে। ৰোমৰ ভিতৰতে বাথৰোম থকা বাবে নিৰুয়ে গা পা ধুই আজৰি হয়। তাইৰ মনটোতে বৰ অশান্তি পাই আছে। নিৰুয়ে তাক তাৰ ঘৰৰ পৰা আতৰাই নিব খোজা নাই। সেয়ে তাই মনে মনে ৰিয়ানক এৰি যাবগৈ ভাবিলে। তাই লাহে কৈ দুৱাৰ খন খুলি ৰোমৰ পৰা ওলাব লওতেই ৰিয়ানে সাৰ পাই নিৰু কি হ’ল সুধিলে? নাই এনেয়ে দুৱাৰ খন খুলিছো ক’লে। ৰিয়ানেও মুখ হাত ধুই নিৰুক ৰোমতে থাকিব দি সি চাহ বনাবলৈ গ’ল। অলপ পাছত চাহ দুকাপ লৈ সি ৰোমত আহে। দুয়ো চাহ খাই যাব ওলালে। ৰিয়ানে ভনীয়েকক মাতে —-ককায়েকৰ মাতত তাই সাৰপাই উঠি আহে। ভনী আমি যাব ওলাইছো। মাক কৈ দিবি।

ভনীয়েকে অ’ দাদা নাযাবি অ ‘ মই মাহতক জগাই দিওঁ ৰ ‘। তাই উধাতু খাই মাকক জগাই। মাকে কোনো বাধাই নিদিলে আৰু কয় যাব দে যাৰ যত যাব মন আছে। দেউতাকে মাকৰ ওপৰত একো নকয়। মাকে যি কয় দেউতাকে তাকে মানে। কবলৈ গলে ৰিয়ানৰ দেউতাকেও ভয় কৰে ৰিয়ানৰ মাকক। ৰিয়ান নিৰুক লৈ লগৰ ল’ৰাৰ ঘৰলৈ যায় গৈ। সি তাক ফোনতে থূলমূলকৈ সকলো ক’লে। নিৰুয়ে মনতে ভাবে মা ও কি ইমান নিষ্ঠুৰ হ’ব পাৰে। নিজৰ সন্তানে ভুল কৰিলে বুলি ইমান কঠোৰ হ’ব পাৰে নে? যে সন্তানটিয়ে ঘৰ এৰি যাব ওলাইছে তেওঁৰ অলপো বেয়া লগা নাই নে? দুখ লগা নাই নে? হয়তো মাকে মনত বৰ আঘাত পাইছে সেয়ে ইমান কঠোৰ হৈছে তেওঁ। নিৰুৰ নিজৰ মাকলৈ মনত পৰি চকলো বৈ গৈছে। মাকে আগতে আনৰ ঘৰত কাম কৰিব যায়। গৃহস্থই কিবা খাব দিলে নিৰুৰ মাকে নিজে নাখাই নিৰুলৈ টোপোলা বান্ধি আনিছিল। নিৰুয়েও কিমান হেপাহত খাইছিল। আজি তাইৰ মাকৰ হাতৰ ভাত এখাজ খাবলৈ বৰ মন গৈছে। মনতে মা ঐ কিয় নো গলি গৈ তই। তেনেতে ৰিয়ানে নিৰুক লক্ষ্য কৰে তাই মনে মনে কান্দি আছে। মটৰচাইকেল খন বাটৰ এফালে ৰখাই সি নিৰুক কয় —— তুমি এইদৰে কন্দা-কটা কৰিলে মই মনত বৰ দুখ পাও নিৰু। আমাৰ মাৰ কথালৈ তুমি দুখ নকৰিবা। মা অলপ আকোৰগোজ। তেওঁৰ মতে যদি কোনো কাম নহয় খঙ উঠে। চাবা খঙটো মাৰ গলে আকৌ নিজেই আমাক ঘৰলৈ মাতিব। নিৰুয়ে হ’ব এতিয়া ব’লক। মোৰ গাটো ভাল লগা নাই ক’লে। দুয়ো গৈ ৰিয়ানৰ বন্ধু গৌতমৰ ঘৰ পালেগৈ। গৌতম আৰু তেওঁৰ পত্নীয়ে মটৰচাইকেলৰ শব্দ শুনি ওলাই আহে। তেওঁলোকক আদৰি নিয়ে ঘৰৰ ভিতৰলৈ। ৰিয়ানে নিৰুক পৰিচয় কৰাই দিলে বন্ধু গৌতম আৰু তেওঁৰ পত্নীৰ লগত।নিৰুয়ে নমস্কাৰ জনায়। তেওঁলোকক বহিব দি গৌতমৰ পত্নীয়ে ভিতৰত চাহ – জলপান যোগাৰ কৰিব যায়। নিৰুৰ গাটো লাহে লাহে অধিক বেয়া হৈ আহিছে। কাকো ক’বও পৰা নাই। গৌতমৰ পত্নী বিনুয়ে সকলোকে চাহ জলপান দিয়ে। সকলোৱে চাহ জলপান খাই নিৰুয়ে অকল চাহ কাপ লয়। ৰিয়ান অফিচত যোৱাৰ কথা কয়।সি কোৱাৰ্টাৰৰ বাবে আবেদন কৰিব। গৌতম আৰু ৰিয়ান একেখন চাহ বাগানতে চাকৰি কৰে। নিৰুক চিন্তা কৰি নাথাকিবা কৈ ৰিয়ান আৰু গৌতম অফিচলৈ যায়। বিনুয়ে নিৰুক হাতত ধৰি আহা অলপ জিৰাই ল’বা বুলি তেওঁলোক আহিব বুলি অতাই থোৱা ৰোমটোলৈ নিব লওতেই অনুমান কৰে নিৰুৰ গাটো গৰম। বিনু —- নিৰু তোমাৰ চোন গা টো গৰম। কিয় কোৱা নাই তুমি। তুমি মোক তোমাৰ ডাঙৰ বাইদেউ বুলি ভাবিবা। আহা কাপোৰজোৰ সলাই অলপ শুই লোৱা। নিৰুয়ে হ’ব বাইদেউ কৈ জিৰণি লয়।

বিনুয়ে মাজে মাজে আহি নিৰুক চাই যায়। ৰিয়ান আজি দুপৰীয়াতে অফিচৰ পৰা আহে। বৌ বৌ মাতি সি ঘৰৰ ভিতৰত আহে। বিনুয়ে নিৰুৰ জ্বৰ হৈছে কয়। ৰিয়ান বিনুৰ পিছে পিছে নিৰু শুই থকা ৰোমলৈ যায়। ৰিয়ানে নিৰুৰ কপালত চুই চাই নিৰু নিৰু মাতে। নিৰু উঠি বহে। গাটো বেছি বেয়া লাগিছে নেকি সুধে। নিৰুয়ে নাই নাই এনেয়ে অলপ গাটো বেয়া লাগিছে কয়। তেনেতে বিনুয়ে নিৰুলৈ ভাত অলপ ৰোমতে লৈ আহে। তাই খাব বিচৰা নাছিল বিনুয়ে জোৰ কৰি খোৱাই। নিৰুয়ে সৰুছোৱালী এজনীৰ দৰে ফেকূৰি ফেকূৰি কয় —– বাইদেউ মোক কেৱল মা থাকোঁতে এইদৰে জোৰ কৰি ভাত খোৱাইছিল। বিনু —- এহ মোৰ মাইনা জনী ভাত খাওতে কান্দিব নেপায়। লোৱা সোনকালে ভাত কেইটা খায় জ্বৰৰ ঔষধ এটা খায় দিবা গধুলিলৈ ভাল হৈ যাবা। গৌতমো তেনেতে অফিচৰ পৰা আহে। আটায়ে খাই বৈ আজৰিহৈ আগফালৰ বাৰাণ্ডাত বহে। বিনুয়ে নিৰুকো লৈ আহে। কিছুসময় বহা পাছত নিৰুয়ে বিনুক কয় —- মোৰ খোজকাঢ়িব মন গৈছে। ইমান ধুনীয়া লাগিছে চাই চাৰিওফালে সেউজীয়া যাব নিকি বাইদেউ অলপ খোজ কাঢ়ো। বিনুয়ে তাইক জোকাবলৈ ধৰিলে আয়ৈ মানুহ জনৰ লগত যোৱা আকৌ চাহগছৰ মাজে মাজে মনৰ কথা পাতি পাতি। নিৰু লাজতে ৰঙা পৰি যায়। বিনুয়ে ৰিয়ানক যাব দিয়ে নিৰুৰ লগত। ৰিয়ান যেন সাজো হৈ আছিল নিৰুক বাগানৰ মাজে মাজে ফুৰাবলৈ। হ’ব বৌ কৈ গৌতমক তই বহ দেই কৈ নিৰুক লৈ ফুৰিব যায়। দুয়ো নানান কথা পাতি পাতি খোজ কাঢ়ে। নিৰুয়ে ৰিয়ানক কয় —– আপুনি মোক এৰি নাযাব দেই। মোৰ বৰ ভয় লাগে সকলোৱে মোক এৰি যায়। ৰিয়ানে হাঁহি মাৰি কয় এৰিবলৈ মই তোমাৰ হাতত ধৰা নাই। আৰু নিৰুৰ হাতত ধৰে নিৰুক লাজে বেৰি ধৰে। নিৰুয়ে লাজতে কি কও নকও কে কয় ব’লক ভাগৰ লাগিছে ঘূৰি যাও। কিছুদিন গৌতমৰ ঘৰত থকাৰ পাছত ৰিয়ানে কোৱাৰ্টাৰ পালে। গৌতমৰ ঘৰৰ ওচৰত কোৱাৰ্টাৰ পালে। এইকেইদিনত বিনু আৰু গৌতমৰ লগত নিৰুৰ সুসম্পৰ্ক গঢ়ি উঠে। গৌতমে নিৰুক ভনী বুলি মাতে। নিৰুয়ে ৰন্ধা- বঢ়া বৰ বেছি নেজানে বিনুয়ে তাইক ৰান্ধিব শিকালে। কোৱাটাৰ ল’লে যদিও প্ৰায় সময় নিৰু বিনুৰ লগতে থাকেহি। প্ৰায় ৬ মাহ মানৰ পাছত এদিন হঠাৎ ৰিয়ানৰ মাকে ৰিয়ানলৈ ফোন কৰি তেওঁলোকক ঘৰলৈ মাতি পঠিয়াই। ৰিয়ান খুউব আনন্দিত হৈ কথাটো নিৰুক কয়। ৰিয়ানক ইমান ফূৰ্তি দেখি নিৰুয়ে ও মনতে ভাল পায়।ইমান দিনে নিৰুৰ নিজকে দোষী দোষী লাগি আছিল। ৰিয়ানে গৌতমক কথা টো কবলৈ যায়। নিৰুৰ মনটো বেয়া লাগিছে গৌতম আৰু বিনুক এৰি যাব লাগিব বুলি। তায়ো গৈ তেওঁলোকৰ ঘৰ পালেগৈ। বাইদেউ মোৰ যে আপোনালোকক এৰি যাব মন যোৱা নাই। বিনুৰো মনটো বেয়া লাগিছে যদিও ভালো লাগিছে নিজ ঘৰলৈ ঘূৰি যাব বুলি।। ৰাতিৰ সাজ আজি আটায়ে একেলগে গৌতমৰ ঘৰতে খালে। গৌতমে নিৰুক ধুনীয়া ৰঙা ৰঙৰ কোপোৰ এজোৰ দিলে।। কাপোৰ জোৰ তেওঁ চিলাই মেলি আনিছে। বিনুক কাপোৰ জোৰ দিবলৈ দি গৌতমে নিৰুক কয় —-ভনী এইজোৰ কালি যাওতে পিন্ধি যাবি। মোৰ ভনী নাই সেয়ে তোক মই নিজৰ ভনী ভাবিছোঁ। মাজে মাজে আহি থাকিবি। ফোন কৰিবি। নিৰুয়ে কাপোৰ জোৰ লয়। দাদা আপোনালোকো যাব আমাৰ ঘৰলৈ। এইকেইমাহে আপোনালোক মোৰ বৰ আপোন হৈ পৰিল। আপোনালোকে বহুত সহায় কৰিলে আমাক।

ৰাতি ঘৰলৈ আহি নিৰুয়ে কাপোৰ কানিবোৰ বেগত ভৰাই। যিবোৰ নিনিয়ে সেইবোৰ ভালকৈ সামৰি বাকচ আৰু ডিভানত ভৰায় থয়। ৰিয়ানে ঘৰটো নেৰো বুলি কয়। পিছদিনা তেওঁলোক যাবলৈ ওলাই ঘৰটো ভালকৈ তলা মাৰি এভাগ চাবি বিনুৰ হাতত দি ঘৰতো মাজে সময়ে চাব কয়। ৰিয়ান আৰু নিৰু যায় গৈ। ঘৰ আহি ৰিয়ানে মাকক মাতে, মাক ওলাই আহে। আহিলি যা ৰোমত গৈ কাপোৰ কানি সলাই আহ তহত আহিলে খাম বুলি ৰৈ আছো। নিৰুয়ে শাহুক সেৱা কৰে। আজিহে ৰিয়ানৰ মাকে নিৰুক প্ৰথম দেখে,, হ’ব যোৱা দেউতাকো মাত এষাৰ দি ৰোমত গৈ হাত মুখ ধুই অহাগৈ। নিৰুয়েও শাহুৰ কথা মতে শহুৰেকক সেৱা কৰি ভাল নে দেউতা সুধে। দেউতাকেও অ ভালে আহি পালি কয়। অ পালোহি দেউতা কৈ ৰোমলৈ যায়। ৰোমটো ধুনীয়া চফা কৰি থোৱা আছে। নন্দেকে গৈ নিৰুক পিছ ফালৰ পৰা ধৰি বৌ বুলি বুলি মৰমতে মাতে। কি যে ফুৰ্তি বৌয়েকক দেখি। লাহে লাহে ঘৰৰ সকলো কাম নিৰুয়ে কৰিব ধৰিলে। ভাত খিনি শাহুআইয়ে বনাই। শাহুয়ে নিৰুক বৰ ভাল ব্যবহাৰ নকৰে হ’লেও তাই ৰিয়ানক নকয়। ৰাতিপুৱা সকলোৰে খোৱা-বোৱাৰ পাছত নিৰুয়ে খায়। কাৰণ ৰিয়ানৰ অফিচ আৰু নন্দেকৰ কলেজ থাকে সেয়ে তেওঁলোকক দি আজৰি কৰে। পাছত শাহু শহুৰেকে খায়। অৱশেষত নিৰু বাচন বাতি ধুই খায়। প্ৰায়ে নিৰুলৈ শাক নাথাকৈই তাই শোধা ভাত অলপ নিমখ জলকীয়া এটা দিয়ে খাই। ৰিয়ানে এইবোৰ একো নাজানে। মানুহ আহিলে নিৰুক পৰিচয় কৰাই আৰু কয় বৰ দুখীয়া ঘৰৰ সেয়ে আমাৰ ৰিয়ানৰ বেয়া লাগিল যে বিয়া পাতি আনে। ভাত পানী একদম বনাব নাজানে। সেয়ে খঙতে সোমাব দিয়া নাছিলো। ক’ত আৰু নিজৰ ল’ৰা টো এৰিব পাৰি কৈ বৰ আচৰিত হাঁহি এটা মাৰে। নিৰুক পলে পলে শাহুয়ে আঘাত কৰে। সেয়ে পিছলৈ তাই ঘৰৰ কাম বন কৰি আজৰি হৈ ৰোমতে সোমাই থকা হ’ল। তাতো শাহুৰ আপত্তি চিঞৰি চিঞৰি ক’ব মহাৰাণী দৰে অকল ৰোমতে সোমাই থাকে। ঘৰৰ মানুহক চাহ পানী কিবা লাগে নেকি চাব নেজানে। মুঠতে সকলোতে আপত্তি। : নিৰুয়ে হাজাৰ চেষ্টা কৰিয়ো শাহুৰ মন জয় কৰিব নোৱাৰিলে। ৰোমৰ ভিতৰত সোমাই নিৰবে চকুলো টুকে। নন্দেকে পিছে তাইক বৰ ভাল পায়। তাই কলেজৰ পৰা আহিয়ে বৌয়েকক বিচাৰে সেয়ে নিৰুয়ো তাইলৈ বাট চাই থাকে। এদিন নন্দেকৰ অলপ পলম হোৱাত নিৰু ঘৰৰ গেটৰ ওচৰত ৰৈ তাইলৈ চাই আছিল তেনেতে শাহুয়ে তাইক এইদৰে ৰৈ থকা দেখি গোৱালগালি পাৰিব ধৰিলে। তাই জানিব পাৰিছে শাহুয়ে তাইকে কৈ আছে বুলি। সেয়ে তাই কয়, মা ভনী ইমান পৰ নাই আহা যে সেয়ে চাই আছিলো। শাহুয়ে তাইক কয়, আমাৰ ছোৱালী ভাল ঘৰৰ ছোৱালী। তাই তোমাৰ দৰে মগনীয়াৰ জীয়েক নহয় যে ভাল চাকৰি কৰা ল’ৰা পালেই ল’ৰাটোক নিজৰ প্ৰেমৰ জালত পেলায় বিয়া কৰিব। হুহ কৈ শাহু ঘৰৰ ভিতৰলৈ যায় গৈ। নিৰুয়ো কান্দি কান্দি ৰোমত যায়। দুবাৰ খন এনেই জপায় থয়। নন্দেকে আহি বৌয়েকক বাৰাণ্ডাত নেদেখি বেগটো থৈয়ে নিৰুৰ ৰোমত সোমাই। কাৰণ বৌয়েকে সদায় তাই অহা সময়ত বাৰাণ্ডাত থিয় হৈ থাকে।

বৌ বৌ কৈ ৰোমত সোমাই। বৌ তোমাৰ গা বেয়া নি তুমি এই সময়ত শুই আছা যে। নিৰুয়ে নিজকে সহজ কৰাৰ চেষ্টা কৰে। নাই ভনী তোমাৰ আজি দেৰি হ’ল যে, মই ৰৈয়ে আছিলো টোপনি লগা বাবে একমাত্ৰ ৰোমত আহি বাগৰ দিছিলোঁ। তুমি কাপোৰ সলাই গা ধুই লোৱাগৈ মই তোমালৈ কিবা বনাও গৈ। আজি তোমাৰ কি খাব মন কোৱা। নন্দেকে ধৰিব পাৰিছে বৌয়েকক নিচ্ছয় মাকে কিবা কৈছে। বৌ তুমি নালাগে আজি মই বনাম। বৌ ৰ’বাচোন মই আহি আছো কৈ তাই দৌৰি আহি কলেজৰ বেগটো লৈ পুনৰ নিৰুৰ ওচৰ পালেগৈ। বৌ চকু বন্ধ কৰানা প্লীজ। নিৰুয়ে কিয় নো সুধে। নন্দেকে কয় আগে বন্ধ কৰা তাৰ পাছত কম। নিৰুয়ে কয় তোমাৰ পৰা ৰক্ষা নাই মোৰ আৰু চকু বন্ধ কৰে। নন্দেকে বেগৰ পৰা ধুনীয়া চল এখন ওলিয়াই নিৰুৰ গাত দিলে। নিৰুয়ে লগে লগে চকু মেলি কিনো বুলি চাই। নন্দেকে কয় বৌ ঠাণ্ডা দিন আহি আছে। সেয়ে তোমালৈ আনিছো, পচন্দ কৰি থাকোতে দেৰি হ’ল। নিৰুয়ে নন্দেকক মৰমতে সাবটি ধৰে। তুমি কিয় নো কিনিব লাগে কয় মায়ে গম পালে, কৈ ৰৈ যায়। নন্দেকে কয় হ’ব মই চাহ বনাও দেই আমি দুয়োজনীয়ে খাম। তোমাক ইমান ধুনীয়া লাগিছে এই চলখন লওতে কৈ তাই চাহ বনাব যায়। নিৰুৰ যে কি হ’ল হয় ননদজনী নথকা হয়। দুয়ো চাহ খাই কথা পাতি হাঁহি ফুৰ্তি কৰি থাকে। শাহুয়েকে নিৰুৰ গোসাই ঘৰত চাকিবন্তি দিবলৈ কয়। নিৰুয়ে গা ধুই গোসাই ঘৰত ধূপ চাকি জ্বলায়। তাৰ পিছত সকলোকে চাহ দি শাহুৰ পিছে পিছে পাকঘৰত যায় ৰাতিৰ আহাৰত কি কি শাক বনাব তাইক কাটিব দিয়ে। তাৰ পাছত চাহ খোৱা বাচনবোৰ ধুই তাই ৰোমত থাকে। ভনীয়ো পঢ়ি থাকে সেয়ে তাই ৰোমত থাকে। নহ’লে ভনীয়ে তাইৰ লগত কথা পাতি থাকে। শাহুয়ে তাইকে খঙ কৰে। ৰাতিৰ সাজ নিৰু আৰু ৰিয়ানে সদায় একেলগে খাই মাজে মাজে ভনীয়ো সিহতৰ লগত খায়। এইদৰেই দুটা বছৰ অতিবাহিত কৰিলে তাই। তেনেতে এদিন দেউৰেকে ছোৱালী পলোৱাই আনে। নিৰুয়ে উৰে নিশা উজাগৰে কটাই তাইক ৰিয়ানে বিয়া কৰাই আনোতে ইমান আপত্তি। কিন্তু দেৱৰেকৰ ক্ষেত্ৰত যে ইমান ফুৰ্তি ইমান যো- জা কৰিছে। ভাবি থাকোঁতে ৰাতি পুৱাল। আজি ঘৰত নাম পাতিব আৰু খোবা খোবোনি নিয়ম আছে। সেয়ে নিৰু গা পা ধুই শাহুক মাত লগাই, মা কি কি কৰিব লাগে কওক।

শাহুয়েকে চাহ বনাই আছে নিজেও খাই নিৰুকো দিয়ে আৰু কয় আজি বহুত কাম আছে। তই চাহ খাই হলৰোম টো ভালকে ম’চি থবি তাতে ভকতক নাম কীৰ্তন গাব দিম। নিৰুয়ে হ’ব কয়। তাইক ইমান বছৰে শাহুয়ে প্ৰথম চাহ যাচিছে। শাহুয়েও বুট মগু তিয়াবলৈ ডাঙৰ ডাঙৰ টো ওলিয়াই ধুয়ে। লাহে লাহে ঘৰৰ বাকী সদস্য সকলো উঠে। কাম বন কৰিবলৈ ঘৰৰ ওচৰৰ তিৰোতা দুই চাৰিজনী আহে। গাঁৱতে থকা ভনীৰ লগৰ ছোৱালীবোৰো আহে। সকলোৱে ইটো সিটো কৰি আছে। গোপীনিসকলো পায়হি দৰা কইনাক মাতি অনা হ’ল। খোবা খোবোনিৰ নিয়ম কৰা হ’ল। নিৰু চাহ জলপান দিয়াত ব্যস্ত। ৰিয়ানে মনে মনে নিৰুক লক্ষ্য কৰে আৰু মনৰ ভিতৰতে কয় বৰ সহ্যশক্তি আছে নিৰুৰ। নিৰুয়ে খোবা খোবোনিৰ নিয়ম কেনেকৈ কৰে ভালকৈ চালে কাৰণ তাই নাজানে বা দেখাও নাই এই নিয়ম। গোপিনীসকলক বিদায় দিয়া হ’ল। গধুলি ভকতৰ নাম প্ৰসংগ চলে। গোটেই দিন নিৰু শাহুৰ লগে লগে কাম কৰি আছে। মানুহ বোৰে নিৰুৰ বৰ প্ৰশংসা কৰিলে বৰ ভাগ্যবান ইমান লক্ষিমী বোৱাৰী পাইছ’ কয় ৰিয়ানৰ মাকক। মাকেও মনতে ভাল পাইছিল। তেওঁৰ আকৌ উফাইদাং মৰা স্বভাৱ আছেই নহয়, মানুহে নিৰুৰ গুণ গালেই নিৰুৰ শাহুয়ে কয়,” এহ একো নাজানিছিল বুজিছে মই য়ে সকলো শিকালো। সকলো শিকাই বুজায় ললো এতিয়া লাহেকৈ ঘৰৰ সকলো দায়িত্ব ইহতিয়ে কৰিব লাগিব মই আৰু কিমান কৰিম বয়সো হৈছে আমাৰ এতিয়া বুলি কয়। ইয়াৰ দুদিন পিছতে বিৰাট ডাঙৰ পাৰ্টি ৰ আয়োজন কৰে শাহু খোবেই ব্যস্ত মানুহ মাতি ফুৰিছে, বজাৰ হাট কৰিছে। নকইনালৈ পাটৰ কাপোৰ কিনিছে গহণা কিনিছে। বৰ ধূমধামেৰে পাৰ্টি হৈ গ’ল। নিৰুকো বহুতে চিনি নাপাই কোনোয়ে নিৰুক সুধে তুমিয়ে ঘৰৰ ডাঙৰ বোৱাৰী নিকি? তাই হয় বুলি উত্তৰ দিয়ে। কিছুমান লোকে বিয়া ঘৰতে আলোচনা কৰে দুটা ল’ৰাকে সমান চকুৰে চাব লাগে এটাক ঘৰত থাকিবলৈ নিদিলে আৰু আনটোৰ সময়ত বৰভোজ পাতিছে। নিৰুৰ বৰ বেছি সোণৰ বস্তু নাছিল যি আছে বাইদেউয়ে মৰাৰ আগতে বনাই দিয়া। ৰিয়ানৰ দৰমহা বৰ বেছি নহয় সেয়ে সিও অকল খাৰু, আঙঠি কাণৰ এজোৰ বনাই দিছিল। বিয়াঘৰত অহা সকলোৱে নিৰুৰ আছাৰ ব্যবহাৰৰ গুণ গাই। সৰু বোৱাৰীয়েকক শাহুয়ে বৰ মৰম কৰে। নিৰুৰ মনত দুখ লাগে মোক কিয় মায়ে আজিলৈ আকোঁৱালি ল’ব পৰা নাই মনতে নিজকে প্ৰশ্ন কৰে। ঘৰত আলহী আহিলে নিৰুক চাহ বনাব দিয়ে আৰু সৰুজনীক লগতে বহুৱাই লয়। ভনীও মাকৰ কাৰুকাৰ্য্য লক্ষ্য কৰি আছিল।

এদিন ভনীয়ে ককায়েকক কয় দাদা তই বৌক লৈ পুনৰ বাগানৰ কোৱাৰ্টাৰত যা গৈ ডাঙৰ বৌক মায়ে বৰ কষ্ট দিয়ে। মই তোক কেতিয়াবাই কম ভাবিছিলো। ৰিয়ান অবাক তাক আজিলৈ নিৰুয়ে একো কোৱা নাই। বৰ সাদৰী মোৰ নিৰুজনী। ইমান ভাল কিয় নিৰু তুমি ৰিয়ানে মনতে কয়। ৰিয়ানে নিৰুক মাতে —-নিৰু বিচনাতে বাগৰি আছিল।তাই ঘপককে উঠে। ৰিয়ান —- গা বেয়া নি তোমাৰ। শুই আছা যে। নিৰু —- গাটো দুৰ্বল লাগিছে এইকেইটা দিন কামো বেছি হৈছিল যে ঘৰত। আপোনাক কিবা লাগে। ৰিয়ান —- মই ভাবিছোঁ পুনৰ বাগানৰ ঘৰটোলৈ যাওগৈ। বৰষুণৰ দিন যে মোৰ অহা – যোৱা কৰাটো কষ্ট হৈছে। নিৰুয়ে আচৰিত হৈ ৰিয়ানলৈ চাই সুধে, আপুনি চোন অ’ট’ বছৰে ঘৰৰ পৰাই অহা – যোৱা কৰিলে এতিয়া হঠাৎ ——– ৰিয়ানে সুধে, তুমি যাবানে? নিৰুয়ে মাকক সুধিলে নাই ৰিয়ানক প্ৰশ্ন কৰিলে। ৰিয়ানে এতিয়া যাম সুধিব কয়। নিৰুয়ে কয় মাকে যদি যাব দিয়ে যাব। তেওঁৰ যদি কোনো আপত্তি নাই তেনেহলে যাম বুলি নিৰুয়ে কয়। ৰিয়ান মাকৰ ৰোমত গৈ কথাটো কয় যে বৰষুণৰ দিনত তাৰ অফিচ অহা-যোৱা বৰ কষ্ট হয়। আজি কালি বাগান যোৱা বাটটোও বৰ বেয়া হৈছে কয়। মাক দুধোৰ মোধোৰত পৰিল। অ হয় নেকি পিছে বোৱাৰী নো। তাইকো লৈ যাম। মোৰ বনোৱা মেলা কষ্ট হ’ব তেওঁ নগলে। মাজে মাজে আহি থাকিম কয় সি। মাকে তেনেহলে যা বাৰু। বৰষুণৰ দিন কেইটা তাতে থাক। শোকান দিনত ঘৰৰ পৰাই অহা – যোৱা কৰিবি। ৰিয়ান আৰু নিৰু পুনৰ বাগানৰ কোৱাৰ্টাৰলৈ উভতি যায়। সি মাক আৰু নিৰু দুয়ো গৰাকীকে বাগানলৈ উভতি অহাৰ কাৰণ নকলে। ভনীয়েকে ও নকলে ককায়েকে মানা কৰা বাবে।

#assamesekobita #axomiyakobita #obhagi #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page