মুকুট বিহীন সম্ৰাটৰ স্বৈৰতন্ত্ৰতাত পনবন্দী নিৰ্যাতিতৰ শ্লোগান, দুৰাৰোগ্য অচিন ৰোগৰ আৰোগ্যৰ বিধান বিছাৰি বিছাৰি হাহাকাৰ অসম,ভাৰত, পৃথিৱীত। জাতিদ্ৰোহী নেতাৰ চদ্মবেশী শ্বদেশপ্ৰেমত ঠিকনাবিহীন জনতা, ৰাজহুৱা ধনৰ শ্ৰাদ্ধ পাতি খোৱা কামোৰাত ব্যস্ত ৰজাঘৰীয়া। দু:স্বপ্ন,দু:চিন্তা আৰু নিৰাশাত ভাড়াক্ৰান্ত নতুন প্ৰজন্ম। মাতৃৰ হাতৰ কাণৰ, বিক্ৰী কৰিও আশাহত নিবনুৱা, নাইবা, ভাত কাপোৰৰ তাড়নাত গাভৰুৰ অন্তৰ্বাস খুলি চুক্তিবদ্ধ এটা চাকৰিৰ! ৰাজ সাহাৰ্য্য বিছাৰি কৃষকৰ চকুৰ পানী অফিচৰ বাৰাণ্ডাত। কামান্ধ প্ৰেমিকৰ ক্ষুধাৰ তাড়নাত সংজ্ঞাহীন প্ৰেম, নপুংসকৰ বীৰ্যপাতত গৰ্ভধাৰণৰ বদনাম পতিব্ৰতা নাৰীৰ। বেশ্যাৰ অৰ্ধনগ্ন দেহাৰ লোভত বৈ পৰে চৰিত্ৰহীনৰ লালসাৰ লেলাৱতী। সভ্যতাৰ মুখাপিন্ধা সমাজত আজিও ধৰ্ষিতা, নিৰ্যাতিতাৰ হিয়া ভগা উচুপনি। দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিভীষিকাত হেৰাই গৈছে বিভক্ত সীমাৰেখা ন্যায় অন্যায়, আপোন পৰৰ। তথাপি, আদৰিছো তোমাক 2021।
#2020rpratyahban #assamesekobita #axomiyakobita #SahityaChorcha