top of page

ৰাষ্ট্ৰীয়তাবাদী, জাতীয়তাবাদী চিন্তাধাৰা-অসমৰ বৰ্তমান প্ৰেক্ষাপট

    পঢ়াশালিতে কিছু উক্তিয়ে মন প্ৰভাৱিত কৰি আহিছে। যেনে- এইখন মোৰ দেশ, মোৰ দেশ মহান, বন্দে মাতৰম, জয় হিন্দ, “জননী জন্মভূমি স্বৰ্গদপী গৰিয়সী ” আদি। এনেবোৰ উক্তি সময়ে সময়ে শুনিছিলো আৰু সচাকৈ মনত সাচ বহুৱাইছিল। সেইবাবে চাগে এজন শিশুৱেও ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰে, ৰাষ্ট্ৰীয় বা জাতীয় স্ংগীত থিয় হৈ পৰিবেশন কৰে।

বৰ্তমান প্ৰেক্ষাপটত দেখা যায় যে অসমত ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা আৰু জাতীয়তাবাদী চিন্তাধাৰা থকা ব্যক্তিক পৃথক পৃথক দৃষ্টিৰে লক্ষ্য কৰে। অৰ্থাৎ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা ভুল নেকি বা জাতীয়তাবাদৰ সাঁচ ৰাখি ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা অব্যাহত ৰাখিলে অসমৰ বাবে বেয়া হ’ব নেকি?  এনেবোৰ কথাই বৈদ্যুতিক মাধ্যম বা বাতৰি-কাকতত প্ৰকাশেৰে অসমীয়া সমাজখনক আলোড়িত কৰি আহিছে।

ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাই আমাক ভাৰত দেশখনকত থকা সমূহ জনগণৰ হৈ চিন্তা কৰা শিকায়। অৰ্থাৎ বিভিন্ন ৰাজ্য, বিভিন্ন ভাষা, ভিন্ন জাতি-সম্প্ৰদায়, ধৰ্ম, ভৌগোলিক ইতিহাস, সংস্কৃতি আদিক অনেকৰ মাজত একতা মনোভাৱেৰে এক প্ৰতীকেৰে পৰিচয় বাহক হোৱাটো ৰাষ্ট্ৰীয়তাবাদে  শিকায়।  ৰাষ্ট্ৰীয়তাবাদত ৰাষ্ট্ৰীয় প্ৰতীক, পতাকা, চিহ্ন, ভাষা আৰু অন্যান্য ৰাষ্ট্ৰীয় পৰিচয় চিহ্নক সাধাৰণতে বেছি গুৰুত্ব দিয়া হয়। ৰাষ্ট্ৰীয়তাবাদত দেশ অৰ্থাৎ ভাৰত প্ৰথম স্থানত হয়। যিকোনো সমস্যা ৰাষ্ট্ৰীয় ভাৱে সমাধানৰ ক্ষেত্ৰত এখন বা দুখন ৰাজ্যৰ কথা চিন্তা নকৰি সমগ্ৰ ভাৰতত থকা ৰাজ্যত এক সূত্ৰৰে সমাধানত গুৰুত্ব প্ৰদান কৰাটোৱেই ৰাষ্ট্ৰীয়তাবাদ। যেনে-এক দেশ এক নীতি। লক্ষ্য কৰিলে দেখা যায় যে অসমত থকা সকলো জনগণৰ জন্মৰ পৰাই ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি আসক্তি আছে। ভাৰতৰ ক্ৰিকেট দল প্ৰতিযোগিতাত বিজয়ী হ’লে সৰু ডাঙৰ সকলোৱে ফুৰ্তি কৰা দেখা যায়। বিদেশত ভাৰতীয়সকলে কৰা যিকোনো সুনাম অৰ্জনত আমিও সমানে গৌৰৱবোধ কৰো। ভাৰতীয় জোৱানে বিদেশী শক্তিক নিৰ্মূল কৰিলে আমিও গৌৰৱবোধ কৰো। মুঠতে, আমিও বিচাৰো আমাৰ জন্মভূমি ভাৰত দেশ সকলো ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু গৌৰৱেৰে কব পাৰো যে  “মোৰ দেশ মহান”।

  একেদৰে জাতীয় ঐক্য-সংহতি বা জাতীয়তাবাদ কম সময়ত গঢ় লৈ নুঠে। কোনো নিৰ্দ্দিষ্ট ভূখণ্ডত দীৰ্ঘ সময় জুৰি ভিন্ন  ধৰ্মী , ভিন্ন ভাষা ভাষীৰ লোকে সুসংবদ্ধভাৱে বসবাস কৰাৰ ফলত যি ঐকবদ্ধ ভাষা, সাহিত্য, সংস্কৃতিৰে নিজৰ পৰিচয় প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে সেই  ভাৱধাৰাই হ’ল জাতীয়তাবাদী ভাৱধাৰা। সৰ্বদিশতে জাতীয় উত্তৰণেই জাতিটোৰ একমাত্ৰ লক্ষ হৈ পৰে। অসমীয়া জাতীয়তাবাদ আহোমসকলৰ ৰাজত্বকালৰ পৰাই আৰম্ভ হৈছিল। অসমত থকা অন্য জাতি জনগোষ্ঠীৰ সৰু বৰ ৰাজ্যক একলগ কৰি সময়ৰ সোতত অসমৰ ভাষা -সংস্কৃতিৰ সৈতে একাকাৰ হৈ পৰিছিল আৰু স্হাপিত হৈছিল অসমীয়া জাতীয়তাবাদৰ লাইখুটা। ভাষা আন্দোলনে অসমীয়া জাতীয় চেতনা বৃদ্ধি কৰে আৰু বহু সংগ্ৰামৰ মাজেৰে অসমীয়া জাতীয়তাবাদে আজিৰ স্হিতি লাভ কৰিছে।    

অত্যধিক ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাই এখন ৰাজ্যৰ সৰু সৰু কিছু সমস্যা লাঘৱত বাধা দিয়ে। সমগ্ৰ দেশখনৰ কথা চিন্তা কৰোতে প্ৰত্যেক ৰাজ্যৰ নিজা নিজা কিছু সৰু বৰ সমস্যা দৃষ্টিকোণত নাথাকে। তেনেক্ষেত্ৰত এখন ৰাজ্যৰ সমস্যা আন আন ৰাজ্যবোৰে বুজি পোৱাত অসুবিধা হয় আৰু ইয়াক কেন্দ্ৰীয়ভাৱে সমাধানত ফলপ্ৰসূ নহয়। আমাৰ দেশ ভাৰতবৰ্ষক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰে প্ৰতিখন ৰাজ্যই এক দেশ মনোভাৱেৰে কৰ্ম যুগুত কৰিলেহে পূৰ্ণ পৰ্য্যায় পাব বুলি নুই কৰিব নোৱাৰি।   

অসমৰ ক্ষেত্ৰত আমাক সুস্হ আৰু শক্তিশালী জাতীয়তাবাদৰহে প্ৰয়োজন। জাতি গঠন বা জাতীয় উত্তৰণৰ নিধন,মানৱ নিধন আদি উগ্ৰ জাতীয়তাবাদ আমাক নালাগে। উগ্ৰ জাতীয়তাবাদে এটা জাতি গঢ়ি তুলিব নোৱাৰেই বৰঞ্চ এটা জাতিক খণ্ড-খণ্ডহে কৰি তোলে। এনেবোৰে নিজৰ একতা , সংহতি বিনষ্ট কৰাৰ লগতে বিশ্বত জাতিটোক কলংকিতহে কৰে।   

আমাক এনে জাতীয়তাবাদহে প্ৰয়োজন যি শক্তিয়ে ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সমূহ দিশত বিকশাই তুলি বিশ্ব দৰবাৰত বলিষ্ঠ ৰূপত পৰিচয় দিব পাৰে। থিক তেনেকৈ দেশখনক উচ্চ শিখৰত স্হান দিবলৈ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা থকাৰ প্ৰয়োজন আছে। মুঠতে দুয়োটা চিন্তাধাৰাই দেশ বা ৰাজ্যৰ উন্নতিৰ বাবে  প্ৰয়োজন আছে।

#assameseprabandha #axomiyaprabandha #rashitriyatabadijatiyatabadichintadharaaxomorbartamanpexapat #SahityaChorcha

0 views0 comments
bottom of page