top of page

ৰূপহী জোনাক

  • Sahitya Chorcha
  • Feb 7, 2021
  • 1 min read

মই ৰূপহী জোনাক মই প্ৰজ্বলিত দীপক প্ৰহৰী আন্ধাৰ নিশাৰ মই সমন্বয়ৰ এটি সেতু বহাগৰ দুৰন্ত তৰুণ পুৱাৰ জীৱন্ত অৰুণ।

মই অস্ত্ৰ সৰ্ব্বহাৰাৰ, মোৰ মন্ত্ৰ দিশহাৰাৰ নৱ সৃষ্টিৰ প্ৰতীক মই, চেতনা সমাজ গঢ়াৰ সংহতিৰ এদাল সাঁ‌কো।

মই জেঠৰ বাৰখৰ আহাৰ মাহৰ কলাখাৰ ধাৰাসাৰ বৰষুণৰ টোপাল, শাওনৰ বোকাময় পথাৰ স্বপ্নভৰা আশাৰ সপোন।

বিজুলীৰ ভয় লগা চমক গাজনি ঢেৰেকনিত তবধ, শেহতীয়া প্লাৱনৰ ঢৌ ভাদ মাহৰ সেমেকা পথাৰ, সেউজীয়া ধাননি পথাৰ।

মই ৰজাঘৰৰ বাজিকৰ, মোৰ যাদুৰ আছে চমক মই আহিনৰ কোমল পুৱা ঋতুৰ ৰাণী শৰৎ মই উৎসৱৰ নতুন প্ৰণয় শীতৰ অনুভৱী বতৰ।

কাতিৰ গাভিনী পথাৰ আঘোণৰ সোণোৱালী ধান পুহৰ হালধীয়া ফুল, সৰিয়হ ফুলাৰ বতৰ মৌ জাকে ৰেণু চুহি নিয়ে।

শীতৰ সেমেকা ৰাতি মাঘ বিহুৰ ভেলা ঘৰ মই মেজিৰ একুৰা জুই হিম চেঁ‌চা দিনৰ উত্তাপ মই সেউজীয়া সপোন, মেটমৰা শস্যৰ ভড়াল।

মই ফাগুণৰ সৰাপাত খৰাং বতৰৰ ধূলিময় বাট, চ’তৰ ৰিঙা ৰিঙা মন বসন্ত ঋতুৰ কুঁ‌হিপাত মলয়া বতাহ অহাৰ সময়।

ৰজনী গন্ধাৰ গোন্ধ লিহিকা খৰিকাজাই কেতেকী ফুলৰ সুবাস সুগন্ধি জহা চাউল এই সাৰুৱা মাটিতে হয়।

মই সূৰ্য্যৰ প্ৰবল উত্তাপ পূৰ্ণিমাৰ ফৰিংফোটা জোনাক এটি উজ্জ্বল ভোটা তৰা সপ্তৰ্ষি মণ্ডল দূৰ আকাশৰ।

মই তেজিমলা নহয়, চিলনীৰ জীয়েকো নহয়, বহাগৰ এজনী নাচনী কুকিল কণ্ঠি কুলি চৰাই , এইয়া ঋতুৰাজ বসন্ত কাল।

ৰিমঝিম বৰষুণ পৰে যৌৱন উতলি উঠে নতুন ঢল বাগৰি আহে উজান উঠিলে ধৰে মাছ মই ৰূপহী জোনাক।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page