ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
- Sahitya Chorcha
- Jun 17, 2021
- 1 min read
অসমীয়াৰ মনে পৰশা জ্যোতি সংগীতৰ ৰসধ্বনি, পহিলা বোলছবি জয়মতীৰে চলচ্চিত্ৰ জগতৰ পাতনি।
অসমীয়া সাহিত্যত ৰূপকোঁৱৰদেৱৰ অনবদ্য অৱদান, অসমীয়া সংস্কৃতিৰ ৰত্ন হ’ল অধিক মূল্যৱান।
ৰূপকোঁৱৰদেৱৰ শিল্পী মন বাল্য কালৰে পৰা, অনন্ত দেশপ্ৰেমেৰ তেজ দেহৰ শিৰে শিৰে ভৰা।
সক্ৰিয় সংগ্ৰামীৰূপে জাপ দিছিল আন্দোলনত, মাহ-বছৰ ধৰি কাৰাবাসত দেশ স্বাধীনতাৰ খাতিৰত।
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ সাহিত্যৰ অখণ্ড জ্যোতি, বিশাল বৃক্ষত ৰূপান্তৰিত অসমীয়া সাহিত্য-সংস্কৃতি।
Comments