top of page

ৰাখে হৰি মাৰে কোনে (মৃত্যুঞ্জয়ী আলিষ্টেইৰ উৰ্কুহাৰ্টৰ কথাৰে)

১৯৩৯ চনৰ কথা, দ্বিতীয় মহাযুদ্ধ চলি থকাৰ মাজতেই জৰুৰীকালীন ভাৱে ব্ৰিটিছ চৰকাৰে বহু কৈশোৰ লৰা ছোৱালীক বলপূৰ্বক ভাৱে সৈন্য বাহিনীত ভৰ্তি কৰি যুদ্ধলৈ পঠোৱা আৰম্ভ কৰি দিছিল ৷ তেনেদৰে পঠোৱা হেজাৰ বিজাৰ সামৰিক জোৱানবোৰৰ মাজতেই আছিল টিকটিকীয়া ৰঙা ওঁঠযুৰিৰে মৰম লগা এজন স্কটিছ কিশোৰ আলিষ্টেইৰ উৰ্কুহাৰ্ট ৷ তেওঁৰ জন্মস্থান আছিল স্কটলেণ্ডৰ এবাৰ্ডিন ৷ মাত্র ঊনৈশ বছৰ বয়সতে ব্ৰিটিছ চৰকাৰৰ গৰ্ডন হাইলেন্ডাৰ পদাতিক সৈন্যদলত ভৰ্তিকৰণ হোৱাৰ পাছতেই আলিষ্টেইৰ নিজৰ দেশৰ পৰা সহস্ৰ যোজন দূৰৈৰ চিংগাপুৰলৈ গুছি আহিবলগীয়া হ’ল ৷ যি বয়সত এবাৰ্ডিনৰ কিশোৰে প্ৰেয়সীৰ চুলিত চেৰীফুল গুজিবলৈ সন্ধিয়াৰ হেঙুল-হাইতাল আকাশৰ তলত হেঁপাহৰ কবিতা ৰচে সেই বয়সত আলিষ্টেইৰে হাতত কাৰ্বাইন ৰাইফল তুলি চিংগাপুৰৰ ফোৰ্ট কেনিঙৰ সন্মুখত জাগ্ৰুত প্ৰহৰী ৰূপত কৰ্তব্য পালনত ৰত হৈ আছিল ৷ তথাপিও মনত দূৰবাৰ আশা সোনকালেই ঘৰলৈ এদিন উভতি যাব আৰু এবাৰ্ডিনৰ সেই সোণোৱালী চুলিটাৰিৰ গোল মুখৰ ছোৱালীজনীক লগ ধৰি নিজৰ মনৰ কথাবোৰ ক’ব৷ কিন্তু হঠাত যেন সকলোবোৰ খেলি মেলি হৈ গ’ল ৷ ১৯৪১ চনৰ ডিচেম্বৰ মাহত জাপানীজ সেনাবাহিনীয়ে পুৰ্ণ শক্তিৰে চিংগাপুৰ আক্রমণ কৰিলে ৷ তিনিমাহ ধৰি চলা সেই তুমুল যুদ্ধত জাপানীজ সামৰিক শক্তিৰ আগত ব্ৰিটিছ সৈন্যবাহিনী সম্পূৰ্ণৰূপে বিধস্ত হৈছিল ৷ তেতিয়াৰ দিনত যুদ্ধ বন্দীসকলক দুয়োপক্ষই বন্দী কৰি নি আটক শিবিৰত নিৰ্দয় ভাব অত্যাচাৰ কৰিছিল অথবা ক্রীটদাস হিচাপে বনুৱাৰ কামত লগাইছিল ৷ জাপানীজ সৈন্যৰ হাতত আটক হোৱাৰ পাছত ত্রিশ হাজাৰ ব্ৰিটিছ যুদ্ধ বন্দীকো চিংগাপুৰৰ এটা বেৰেকত একেৰাহে তিনি দিন ধৰি বন্ধ কৰি ৰখা হৈছিল ৷ অনাহাৰ অনিদ্ৰা আৰু অনিশ্চয়তাৰ মাজত ঠিয় হৈ থকাৰ বাদে যুদ্ধ বন্দীসকলৰ বহিবলৈ অথৱা শুবলৈ কোনো উপাই নাছিল ৷ উৎকট গৰম আৰু উশাহ ল’বলৈ উকমুকাই বহ কেইজনৰ মৃত্যু হৈছিল ৷ তিনি দিনৰ পাছত আলিষ্টেইৰ আৰু আন ছশজন যুদ্ধবন্দীক ষ্টীলৰ ট্ৰাকত ভৰাই থাইলেণ্ড লৈ দ্বীপান্তৰিত কৰিলে ৷ ষ্টীলৰ ট্ৰাকবোৰত বায়ু সোমাব পৰা অকণো সুবিধা নাছিল ৷ বন্ধ বাকছৰ ভিতৰত পাছদিন ধৰি অনাহাৰ অনিদ্ৰাই শৌচ পেচাবৰ উৎকট গোন্ধত উকমুকাই বহ কেইজনৰ প্ৰাণ গৈছিল ৷ আলিষ্টেইৰে নিজৰ চকুৰ আগতে মৃত্যুৰ উলংগ নৃত্য দেখি মৰ্মাহত হৈছিল যদিও ভাগি পৰা নাছিল ৷ নিজৰ মনোবলক কোনো পধ্যেই ম্লান হ’বলৈ দিয়া নাছিল ৷ এবাৰ্ডিনৰ ঘৰখনৰ কথা মনত পৰিলেই দুৰ্বল হৈ পৰিছিল কাৰণে ঘৰৰ কথা ভাবিবলৈ বাদ দি প্ৰতিটো দিন কেনেদৰে নমৰাকৈ বাচি যাব পাৰি তাৰে সম্ভাৱ্যৰ সন্ধান কৰি গৈছিল ৷ হেজাৰ বিপদ আৰু অত্যাচাৰ সহ্য কৰিও প্ৰাণ বচাবই লাগিব বুলি আলিষ্টেইৰে প্ৰত্যেক পুৱাই নিজৰ মনটোক সবল কৰি সকলো প্ৰত্যাহ্বানৰ সন্মূখীন হবলৈ সাজু কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰহ্মদেশ আৰু থাইলেণ্ড সম্পূৰ্ণ ভাৱে জাপানীজ সেনাবাহিনীৰ অধীন আছিল ৷ কিন্ত থাইলেণ্ড আৰু ব্ৰহ্মদেশৰ মাজত স্থল যোগাযোগ ব্যৱস্থা সূচল নোহোৱাৰ বাবে সৈন্য বাহিনী মোতায়েন কৰাত বহু আহুকালৰ সৃষ্টি হৈছিল ৷ সেই কাৰণে জাপানীজ সৈন্যবাহিনীয়ে প্ৰায় এক লাখ মান থলুৱা বনুৱা আৰু ষাঠি হেজাৰ মান যুদ্ধবন্দী দাস লগত লৈ তৎপৰতাৰে ব্ৰহ্মদেশৰ থানবিউজিয়াৎ আৰু থাইলেণ্ডৰ বনপঙৰ মাজত ৰেললাইন বহোৱাৰ কাম আৰম্ভ কৰি দিছিল ৷ বাৰ্মা-চিয়াম ৰেল কোম্পানীৰ অধীনত চলি থকা এই ২৫৮ মাইল দৈৰ্ঘ্যৰ ৰেলপথ চোৱা সেই সময়ত মৃত্যু ৰেলপথ বুলি খ্যাত আছিল ৷ ব্ৰহ্মদেশ আৰু থাইলেণ্ডৰ সীমাবৰ্তী অটব্য অৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা এই ৰেলপথ নিৰ্মাণ কামত কৰ্মৰত কেবা হাজাৰ বনুৱা ভয়াবহ কলেৰা, কলাজ্বৰ আৰু মেলেৰিয়া ৰোগত মৃত্যু ঘটিছিল ৷ আলিষ্টেইৰহতে পাছ দিন একেৰাহে বন্ধ ষ্টীল ট্ৰাকত সোমাই যাত্রা কৰাৰ পাছত যুদ্ধ বন্দী সকলক এবাতি ভাত আৰু এবাতি ডাইল খুৱাই জাপানীজ সৈন্যই থাইলেণ্ডৰ বনপঙৰ পৰা পুনৰ বনুৱাৰ চাউনিলৈ খোজ কাঢ়িব আদেশ দিলে ৷ আলিষ্টেইৰহতে ভাবিবই পৰা নাছিল যে দূৰ্গম অটব্য অৰণ্যৰ মাজেৰে বনুৱাৰ চাউনিলৈ পাছদিন খোজ কাঢ়িব লাগিব ৷ দুই হাজাৰ মান যুদ্ধ বন্দীৰ ভিতৰত শতাধিক যুদ্ধ বন্দীৰ যাত্ৰাপথতেই সৰ্প দংশন আৰু অচিন ৰোগত প্ৰাণ গ’ল ৷ অৱশেষত পাছদিন একেৰাহে যাত্রা কৰাৰ অন্তত জাপানীজ সৈন্যই ব্ৰিটিছ যুদ্ধবন্দীসকলক জংঘলৰ পৰা বাহ বেত আৰু তাল পাত আনি নিজৰ নিজৰ থকা কেম্প বনাই লবলৈ দিলে ৷ থাইলেণ্ডৰ জংঘলৰ মাজৰ সেই বনুৱাৰ চাউনিত আলিষ্টেইৰহতৰ এক অসহনীয় মানষিক আৰু শাৰীৰিক যন্ত্ৰণাৰ ভৰা জীৱনৰ অধ্যায়ৰ আৰম্ভ হৈ গৈছিল ৷ দিনটো ওঠৰ ঘন্টা একেৰাহে কামত খটুৱাই ৰাতি যুদ্ধ বন্দীসকলক মাত্র এবাতি ভাত আৰু একাপ গৰমপানী খাবলৈ দিয়া হৈছিল ৷ ভাতত সচৰাচৰ পোক পৰুৱাৰ লগতে জোক আদি মিহলি হৈছিল ৷ জীয়াই থকাৰ তাড়নাত খাবলৈ পোৱা খাদ্যকণ আলিষ্টেইৰে ভগৱানক ধন্যবাদ জনাই আগ্ৰহেৰে খাইছিল ৷ নিজে ভুগি থকা কষ্টৰ কাৰণে কাকো জগৰীয়া নকৰি নিজৰ মনটোক ভাঙি পৰিব দিয়া নাছিল ৷ জাপানীজ সৈন্যৰ অকথ্য নিৰ্য্যাতন, অনাহাৰ আৰু অনিদ্ৰাত সবল সুঠাম আলিষ্টেইৰ ইতিমধ্যেই খীনাই শুকাই গৈছিল ৷ জাপানীজ আটক শিবিৰত নিতৌ খোৱা চমতাৰ কোবত পিঠি ফাটি ঘা লাগি পৰিছিল ৷ ফটা কাপোৰৰ মাজেদি মাখিয়ে কুটি কুটি দেহৰ ঘা বোৰ খাইছিল যদিও আলিষ্টেইৰৰ সেই মাখি খেদিবলৈয়ো দেহত শক্তি নাছিল ৷ কিন্ত ম’নত দূৰবাৰ আশা আছিল এদিন নহয় এদিন এই দুৰ্বিসহে এই দাসত্বৰ অন্ত পৰিব৷ সেইদিনটো চাবলৈ মাথো নিজক জীয়াই ৰাখিব লাগিব ৷ আলিষ্টেইৰে মনত এটাই মাত্র লক্ষ্য ৰাখিছিল সেইটো হ’ল নিজক জীয়াই ৰখা৷ তাৰ মাজতে সৌভাগ্যক্রমে জংঘলৰ মাজৰ বনুৱাৰ চাউনিত আন এজন যুদ্ধবন্দী স্কটিছ ডাক্তৰ মেথিয়াচনৰ সতে আলিষ্টেইৰ বন্ধুত্ব গঢ়ি উঠিছিল৷ জহতেই আলিষ্টেইৰে কলেৰা, কলাজ্বৰ, খৰ খজুৱতিৰ পৰা নিজকে বচাই ৰাখিবলৈ বহু তথ্য গ্ৰহণ কৰি লৈছিল ৷ তথাপিও বিধিৰ বিপাক নাযাই খন্ডন৷ আলিষ্টেইৰ কলেৰাত ভুগি যোৱা থোৱাৰ অৱস্থাত পৰিল৷ কংকালসাৰ শৰীৰ আৰু কোটৰত সোমাই পৰা চকুযুৰিৰে আলিষ্টেইৰে দাসত্বৰ পৰা মুক্তিৰ আশা ম্লান পৰিব দিয়া নাছিল৷ কলেৰা ৰোগৰ পৰা সুষ্ঠ হৈ পুনৰ দৈনিক কামত হাত দিয়াৰ কেইদিনমান মান পাছতে এটা সামান্য কথাতে জাপানীজ সৈন্যই গুৰুলা গুৰুলকৈ পিটি আলিষ্টেইৰৰ মুৰত এটা প্ৰকাণ্ড শিল জাপি দি একেৰাহে ৰ’দত ঠিয় দি থাকিব দিলে ৷ কেবা ঘন্টা ধৰি একথৰে ৰ’দত ঠিয় দি থাকি এটা সময়ত আলিষ্টেইৰ মাটিত ঢলি পৰা জাপানীজ সৈন্যই পুনৰ পাশবিক অত্যাচাৰ চলালে ৷ মুমূৰ্ষ অবস্থাত পৰি থকা আলিষ্টেইৰক সন্ধিয়াৰ পাছত সতীৰ্থ সকলে চাউনিলৈ নি শুশ্ৰূষা কৰি সুস্থ কৰি তোলে ৷ জাপানীজ সৈন্যৰ অমানুষিক অত্যাচাৰত নিতৌ দহ বাৰজন যুদ্ধ বন্দীৰ মৃত্যু হৈছিল ৷ বহুতে আত্মহত্যা কৰিছিল , কিছুমান মানষিক ভাৰসাম্য হেৰুৱাই বলিয়া হৈ পৰিছিল ৷ সেই বলিয়া লোক সকলক বাহেৰে সজা গড়ালত সুমুৱাই গাহৰিৰ দৰে ৰাখিছিল ৷ বস্ত্ৰহীন যুদ্ধবন্দীসকলকৰ গাৰ চালত অচিন দুৰাৰোগ্য খৰ,খজুৱতি, বিহফোঁহা হৈছিল ৷ ইজনে সিজনৰ দুৰ্গন্ধত কাষ চাপিব নোৱাৰিছিল ৷ এদিনাখন ৰাতি এন্ধাৰৰ মাজতে আলিষ্টেইৰৰ দেহৰ ওপৰত উঠি এজন জাপানীজ সৈন্যই যৌন নিৰ্যাতনৰ সুযোগ ল’ব বিচাৰিলে ৷ আলিষ্টেইৰে বাধা দিয়াৰ বাবে সেই জাপানীজ জোৱান জনে আলিষ্টেইৰক বেতৰ লাঠিৰে কোবাই মুখৰ কেইবাটাও দাত আৰু এখন ভৰি ভাঙি পেলাই থৈ গ’ল ৷ ৰাতিপুৱা চেতনা ঘুৰি অহাত সতীৰ্থ সকলে শুশ্ৰূষাত ব্যস্ত থকা দেখি আলিষ্টেইৰ দুচকুৱেদি লোটক বৈ গ’ল ৷ ইমানবোৰ অমানুষিক অত্যাচাৰৰ পাছতো বাচি থকাৰ বাবে ভগৱানক ধন্যবাদ জনালে ৷ লাহে লাহে আলিষ্টেইৰ সুস্থ হবলৈ ধৰিলে ৷ ডাক্তৰ মেথিয়াচনৰ যত্নত বাহেৰে বনোৱা পেঙত ধৰি ঠিয় দিব পৰা হ’ল ৷ পাছে সমস্যা হ’ল শৰীৰৰ ঘাবোৰ শুকাই নহাৰ বাবে ৷ ইফালে ভিটামিনৰ অভাৱত শৰীৰ বেৰিবেৰি ৰোগত আক্ৰান্ত হৈছে ৷ শৰীৰৰ ঘাবোৰ নুশুকাই পচিব ধৰিলে গেঙৰিণৰ ভয়াবহতাৰ সন্মুখীন হ’বলগীয়াটো খাটাঙ বুলি আলিষ্টেইৰে বুজি পাইছিল ৷ ইফাল ডাক্তৰ মেথিয়াচনৰ হাততো কোনো দৰব নাই ৷ বহু ভাবিগুণি অবশেষত আলিষ্টেইৰে এক অভাৱনীয় উপাই উদ্ভাৱন কৰি উলিয়ালে ৷ শৰীৰৰ পঁচিব ধৰা ঘাবোৰত আলিষ্টেইৰে পোক তুলি তুলি দিলে ৷ উপস্থিত বুদ্ধি অনুযায়ী সংজ্ঞাহীন পঁচা মাংস বোৰ পোঁকে খাই পেলোৱাৰ বাবে ভয়াবহ গেঙৰিণ অথৱা চেপ্তিচেমিয়াৰ পৰা আলিষ্টেইৰ যেনিবা ৰক্ষা পৰিল ৷ দীৰ্ঘদিনৰ পাছত এইবাৰো আলিষ্টেইৰ সুস্থ হৈ উঠিল যদিও ৰেলপথ নিৰ্মাণ কামৰ বাবে মুঠেও সক্ষম নাছিল ৷ সেই বাবে এদিন বনপঙৰ পৰা চিংগাপুৰৰ জাপানীজ সৈন্যৰ আটক শিবিৰলৈ ঘুৰাই পঠিয়াই দিলে ৷ এইবাৰ আলিষ্টেইৰক জাহাজৰ বন্দৰত মুতিয়াৰ কামত মোতায়েন কৰিলে ৷ চিংগাপুৰ বন্দৰটো যুদ্ধবন্দীসকলক অমানুষিক অত্যাচাৰ কৰা হৈছিল ৷ আলিষ্টেইৰ চিংগাপুৰৰ আটক শিবিৰত অলপ দিন থকাৰ পাছতে জাপানীজ সৈন্যই কৰায়ত্ব কৰা হেল চিপ নামৰ এখন বিশাল জাহাজত কেইবাশ যুদ্ধবন্দীসকলক তুলি ৰাওনা হ’ল ৷ পৰিত্যক্ত জাহাজখন যুদ্ধবন্দীসকলক বোজাই কৰি কলৈ গৈ আছিল কোনেও নাজানিছিল ৷ ছয়দিন একেৰাহে সমূদ্ৰ পথেদি যাত্রা কৰাৰ অন্তত মাজৰাতি হঠাত এক ভয়ংকৰ শব্দ কৰি বিশাল হেলচিপ নামৰ জাহাজখন থৰথৰ কৈ কঁপিবলৈ ধৰিলে ৷ জাহাজখনত থকা সকলো যাত্রীৰ মাজত হাঁহাকাৰ লাগি পৰিল ৷ দুৰ্ভাগ্যবশত এখন আমেৰিকান চাবমেৰিনৰ পৰা নিক্ষেপত টৰ্পেডোৰ বিস্ফোৰণে হেলচিপৰ তলি ফুটাই পেলালে ৷ বিশাল জাহাজখন মাজ সমূদ্ৰত লাহে লাহে সোমাই যাব লৈ ধৰিলে ৷ আলিষ্টেইৰে নিজৰ প্ৰান বচাবলৈ জাহাজখনৰ ডেকৰ পৰা সাগৰৰ বুকুত জপিয়াই দিলে ৷ শৰীৰ সঞ্চিত শেষ শক্তিকণ প্ৰয়োগ কৰি সাঁতুৰিবলৈ ধৰিলে ৷ সাগৰৰ পানীত মিহলি হোৱা সাৰুৱা তেলে আলিষ্টেইৰ গাত পোৰণি তুলিব ধৰিলে ৷ মুখেৰে সাৰুৱা তেল সোমাই আলিষ্টেইৰৰ স্বৰযন্ত্র বিকল কৰি পেলালে ৷ কিন্ত আলিষ্টেইৰ হতাশ নহৈ জীয়াই থকাৰ অন্তিম সম্ভাৱনাৰ সন্ধানত ধলফাঁট দিয়া সময়লৈকে চেষ্টা কৰি থাকিল৷ সৌভাগ্যবশত নাতি দূৰৈত ভাহি থকা এখন ৰাফ্ট দেখা পাই আলিষ্টেইৰৰ জীয়াই থকাৰ আশা আৰু বৃদ্ধি পালে ৷ সাতুৰি সাতুৰি ৰাফ্টখনত উঠি আলিষ্টেইৰ ঢলি পৰিল ৷ বহু সময়ৰ পাছত সংজ্ঞা ঘুৰাই পালে যদিও আলিষ্টেইৰ উঠি বহিবলৈ সমৰ্থ নাছিল । সমষ্ট শৰীৰ বিষ বেদনাত কোঙা হৈ পৰিছিল ৷ কিন্ত অনুমান কৰিব পাৰিছিল যে বিশাল সমূদ্ৰৰ বুকুত আলিষ্টেইৰ বাদে আন কোনো যুদ্ধবন্দী জীয়াই থকা নাই বুলি ৷ শান্ত দক্ষিণ চাইনা সাগৰৰ বুকুত ক্লান্ত আলিষ্টেইৰ ৰাফটৰ ওপৰত উটি ভাঁহি থাকিল ৷ ভোক আৰু পিয়াহত আতুৰ হৈ পৰিছিল ৷ সাৰুৱা তেল পেটৰ ভিতৰত সোমাই যোৱাৰ বাবে আলিষ্টেইৰে কেবাবাৰো বমি কৰা বাবে শৰীৰত পানীৰ পৰিমাণ অত্যধিক কমি যোৱাৰ বাবে বাৰে বাৰে মূৰ্চ্ছিত হৈ পৰিছিল ৷ পিয়াহত অণ্ঠ কণ্ঠ শুকাই গৈছিল যদিও আলিষ্টেইৰে ডাক্তৰ মেথিয়াচনৰ উপদেশ মনত পেলাই সাগৰৰ এটুপিও পানী মুখত নিদিলে ৷ মাত্র এটাই ভাৰষাত থাকিল এইবাৰো মৃত্যুক জয় কৰিবই লাগিব ৷ কাইলৈৰ উদিত সূৰ্য্যৰ দৰ্শন পাবই লাগিব ৷ হেলচিপ জাহাজখন ডুবাব পাছদিনৰ পাছত এজন জাপানীজ মাছমৰীয়াই সম্পূৰ্ণ অচেতন অৱস্থাত সাগৰৰ বুকুত আলিষ্টেইৰক পাই জাপানীজ সৈন্যৰ ওচৰত গটাই দিয়ে ৷ আলিষ্টেইৰৰ দুখ দুৰ্ভাৱনাৰ যেন অন্ত পৰা নাছিল ৷ কিছু পৰিমাণে সুস্থ হৈ পৰাৰ লগেলগে আলিষ্টেইৰক জাপানীজ সৈন্যবিষয়াই নাগাছাকিৰ ওচৰৰ ওমুটা নামৰ ঠাইখনৰ এটা কয়লাখনিলৈ বনুৱা খাটিবলৈ পঠিয়াই দিলে ৷ কিন্ত আলিষ্টেইৰ শাৰীৰিক ভাবে লাহে লাহে আৰু অৱনতি ঘটাত কয়লাখনিৰ কামৰ পৰা অতৰাই দি আধা ৰেচন কৰ্তন কৰি ওমুটাৰ চিকিৎসালয়খনতে মেটৰৰ কামত মোতায়েন কৰিলে ৷ সৌভাগ্যবশত ওমুটাৰ চিকিৎসালয়ত আলিষ্টেইৰে পুনৰ ডাক্তৰ মেথিয়াচনক লগ পাই গ’ল ৷ কয়লাখনিত কাম কৰি কৰি আলিষ্টেইৰ ইষৎ ক’লা হৈ পৰিছিল আৰু বিগত তিনিবছৰ ধৰি গা মুৰ ধুবলৈ নাপাই শৰীৰ পৰা দুৰ্গন্ধ বিয়পিছিল ৷ ডাক্তৰ মেথিয়াচনৰ অৱস্থাও বহুত শোচনীয় হৈ পৰিছিল ৷ ১৯৪৫ চনৰ ৬ আগষ্টৰ দিনাখন দিনৰ এঘাৰ মান বজাত এজাক পচন্ড গৰম বতাহে ওমুটা চহৰখন কোবাই গ’ল ৷আলিষ্টেইৰ চিকিৎসালয়ৰ পৰা গৈ কয়লাখনি পাই জাপানীজ সৈন্যবোৰ ভীতিগ্ৰস্ত হৈ থকাৰ উমান পাইছিল যদিও কি হৈছিল ধৰিব পৰা নাছিল ৷ লাহে লাহে জাপানীজ সৈন্য ওমুটাৰ যুদ্ধবন্দীসকলক আটক কৰি ৰখা শিবিৰৰ পৰা ছেদেলি ভেদেলি দি পলাব ধৰাত আলিষ্টেইৰ কিংকৰ্তব্যবিমোৰ হৈ পৰিছিল ৷ পিছদিনাখন জাপানীজ সৈন্যই পলাই পত্ৰং দিয়াৰ পাছত আমেৰিকাৰ সৈন্য বাহিনী আহি আলিষ্টেইৰ আৰু আন যুদ্ধ বন্দীসকলক মুক্ত কৰি নিয়াৰ পাছতহে জানিব পাৰিলে যে আমেৰিকাৰ বায়ু সেনাই জাপানৰ হিৰোছিমা আৰু নাগাচাকি চহৰ দুখন পাৰমাণৱিক বোমাৰে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে ৷ জাপান সম্ৰাটে পৰাজয় স্বীকাৰ কৰি আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৷ স্বৰ্ত অনুসৰি আমেৰিকাই জাপানৰ সকলো যুদ্ধবন্দীক দাসত্বৰ বন্ধন পৰা মুক্ত কৰি দিছে ৷ খবৰটো পাইয়ে আলিষ্টেইৰ আনন্দত এবাৰ হেপাহ পলুৱাই কান্দি ল’লে ৷ নিজৰ আত্ম বিশ্বাস এদিন সত্যত পৰিণত হোৱাৰ আনন্দত পাচ বছৰৰ পাছত এবাৰ্ডিনৰ নিজৰ ঘৰখনৰ কথা আৰু সোনালী চুলিটাৰিৰ ছোৱালীজনীৰ কথা মনত পেলালে ৷ নিজৰ দেশ, নিজৰ ঘৰখনৰ মানুহবোৰ আৰু সোঁনালী চুলিটাৰিৰ ছোৱালীজনীক লগ পা’ব লৈ অধীৰ হৈ আমেৰিকান সৈন্য বাহিনীৰ জাহাজেৰে জাপানৰ পৰা স্বদেশলৈ যাত্রা কৰিলে ৷ স্বদেশলৈ উভতি আহি আলিষ্টেইৰ প্ৰায় পাঁচবছৰ মান বিভিন্ন চিকিৎসাগ্ৰহণ কৰি কিছু সুস্থ হৈ উঠিল যদিও নিজৰ স্বৰধ্বনি সম্পূৰ্ণৰূপে ঘুৰাই নেপালে ৷ ইমানবোৰ অমানুষিক অত্যাচাৰৰ বলি হৈয়ো মৃত্যুঞ্জয়ী আলিষ্টেইৰ উৰ্কুহাৰ্টে ৯৭ বছৰ কাল জীয়াই থাকি ২০১৬ চনৰ ৭অক্টোবৰ তাৰিখে ইহলীলা সম্বৰণ কৰে ৷ মৃত্যুঞ্জয়ী আলিষ্টেইৰে তেওঁৰ আত্ম জীৱনী The Unforgotten Highlander ত কেইটামান গুৰুত্বপূৰ্ণ সঞ্জীৱনী মন্ত্র উল্লেখ কৰিছে ৷ সেই কেইটা মন্ত্ৰৰ বলতে তেওঁ বহুকেইবাৰ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিব সক্ষম হৈছিল ৷ আঁহকচোন আজিৰ সাম্প্ৰতিক কৰোনা মহামাৰীৰ সময়ত আমিও সেই মহামন্ত্ৰৰে নিজক বলীয়ান কৰি তোলো ৷ ১৷ জীৱন বাচি থকাটো নিৰ্ভৰ কৰে ইচ্ছা শক্তিৰ ওপৰত ৷ গতিকে ৰোগ আৰু আঘাতৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিব নালাগে ৷ ২৷ নিৰস্ত্ৰ বলী সৈনিকক শত্রুৱে অস্ত্ৰৰে আঘাত কৰা আৰু প্ৰতিৰক্ষা অবিহনে সুস্থ লোকক ৰোগে পোৱা একেই কথা ৷ সুৰক্ষা একমাত্ৰ বিজয়ৰ কবচ ৷ ৩৷ যেতিয়াই মৃত্যু মানুহৰ ওচৰ চাপে তেতিয়াই মানুহে ঘৰ পৰিয়ালৰ ভবিষ্যত ভাবি দূৰ্বল হৈ পৰিব নালাগে ৷ তেতিয়া কেন্দ্ৰীভূত কৰিব লাগে নিজে কেনেকৈ বাচিব পাৰি ৷ ৪ ৷ এটা সময়ত এদিন জীয়াবলৈ শিকা ৷ আজিৰ দিনটো জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে ৷ কাইলৈ জীয়াই থাকিম নে নেথাকিম ভাবি আজি জীয়াবলৈ পাহৰি যাব নালাগে ৷ ৫ ৷ তোমাৰ যি আছে তাৰ কাৰণে কৃতজ্ঞ হবা ৷ তোমাৰ কি নাই বা তুমি কি পোৱা নাই তাৰ কাৰণে আনক বা ভগৱানক দোষাৰোপ কৰিব লাভ নাই ৷ কাৰণ তোমাৰ বিপদৰ সময়ত তুমি অকলেই নিজক ৰক্ষা কৰিব লাগিব ৷ গতিকে তোমাৰ যি আছে বা তুমি যি পাইছা তাৰ কাৰণে কৃতজ্ঞ হ’বা ৷ এটা কথা ঠিক যে মানুহ অকল তন নহয় মনেৰেহে বাচি থাকিব পাৰে ৷

0 views0 comments
bottom of page