top of page

ৰাখে হৰি মাৰে কোনে?

  • Sahitya Chorcha
  • May 28, 2021
  • 1 min read

মাঁক জগত জননীৰূপে আমি পূজো। কিন্তু তোমাৰ এইটো কি ৰূপ মাঁ? মইতো তোমাৰেই অংশ। তোমাৰ ভৰসাতেই এই জগত খনলৈ আহিছিলোঁ। মোৰ অতিকৈ কোমল কণমানি দেহাটো চাই তোমাৰ অকণো বুকু কঁপি নুঠিলনে??তোমাৰ অকণো চকু সেমেকি নগলনে??? মই তোমাৰ কি অনিষ্ট কৰিছিলোঁ মাঁ?? তুমি ইমান নিৰ্মম কেনেকৈ হ’ব পালা যে মোক হত্যা কৰিবলৈ অকণো কুন্ঠাবোধ নকৰিলা !! হয় মই তোমাৰ অবৈধ সম্পৰ্কৰ ফল , যদিও মোৰ বাবে তুমিতো অবৈধ নাছিলা। তোমাৰ গৰ্ভতে ন মাহ থাকি তোমাৰ আৰু মোৰ মাজত যি সম্পৰ্ক গঢ়ি উঠিছিল সেয়া কি অবৈধ??? কদাপিও অবৈধ হব নোৱাৰে। তুমি মোক পুতি থৈ যোৱা বালিত মোৰ উশাহ লবলৈ বৰ কষ্ট হৈছিল মাঁ । কাতৰত কান্দিবও নোৱাৰিছিলোঁ। মোৰ মাত ফুটা নাছিল যদিও মই তোমাক বৰকৈ বিচাৰিছিলোঁ মাঁ। কিন্তু তোমাৰ অসীম নিষ্ঠুৰতাই মোৰ কোমল দেহাটিৰ ওপৰত কৰুণাৰ এটা টোপালো সৰিব নিদিলে। মনোৰম পৃথিৱীখনৰ সৈতে ভালকৈ চিনাকি হোৱাৰ আগতেই বিদায় লব লগা হোৱাত মই নিঃসহাই হৈ পৰিছিলোঁ। ৰাখে হৰি মাৰে কোনে? সেইবাবে স্বয়ং প্ৰভু ঈশ্বৰে মেকুৰী ৰূপত আহি মোৰ প্ৰাণ ৰক্ষা কৰিলে। এইয়া মোৰ পুনৰ জনম মাঁ। তুমি চিন্তা কৰিব নালাগে মোৰ মাতৃ হবলৈ বহুতে ওলাই আহিছে। মই ঈশ্বৰক হৃদয়েৰে প্ৰাৰ্থনা কৰিছো – হে প্ৰভু!! আৰু কোনো কুমলীয়া প্ৰাণ যাতে তোমাৰ নিৰ্মমতাৰ বলি নহওক!!!

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page