top of page

ৰজনিগন্ধা

  • Sahitya Chorcha
  • Jan 24, 2021
  • 1 min read

তেজেৰে তুমুৰলি দিয়া মোৰ কলিজা খনত আলফুলে পৰশ দি যায় এপাহি আলসুৱা ফুলে।

কাকো কেৰেপ নকৰাকৈ সেউজীয়াৰ মাজত জকমকাই ফুলি থাকে সেই পাহি ফুলে।

ব’তাহৰ তালে তালে সুগন্ধি বিলাই সেই পাহি আলসুৱা ফুলে।

পূজাৰ বেলিকাও পৱিত্ৰ পূজাৰ থলিত নীৰৱে বহি জিলিকি থাকে সেই পাহি আলসুৱা ফুলে।

যাৰ বাৱে পলে পলে হয় মোৰ মন বিয়াকুল, সেই পাহি মোৰ অতি মৰমৰ ৰজনিগন্ধা ফুল।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page