top of page

হে’ৰ নিবনুৱা

ৰাজপথত বহিছ অনশন কৰিছ প্ৰচেচন কৰিছ চৰকাৰৰ বিৰুদ্ধে মাত মাতিছ নিবনুৱা তহঁত৷

হাতত বন্দুক লৈ’ছ, আইন হাতত লৈ’ছ, ঘৰৰ পৰা ওলাই গৈ’ছ, নিবনুৱা কমাব খোজ্‌ হে’ৰ নিবনুৱাহঁত৷

স্বাভিমান এৰ, কষ্ট কৰিব শিক, নিজে কৰিব শিক, সৰু-বৰ এৰ হে’ৰ নিবনুৱাহঁত৷

শিক্ষিত তহঁত, জানই দেখোন তহঁত, বছৰ বছৰ বৃদ্ধি হয় নিবনুৱাৰ সমদল গা-বল সবল, ডেকাচাম তহঁত লাজ কৰ তহঁত, পইচা লাগে হাতত, নিবনুৱা তহঁত৷

শ্ৰমিক নাই, উপায় নাই, বাহিৰা লোকৰ উজান বাধা দিয় তাত, মাত মা’ত তাত, কেনেকুৱা নিবনুৱা তহঁত৷

শ্ৰম ন’কৰ কিয়, পইচা বিচাৰ্‌ কিয়, মুখেৰে নকয় তোক শ্ৰম কৰ পইচা ল, দাদাগিৰি কিয় নিবনুৱা দাদা জানো তহঁত৷

নিবনুৱা যদি হয় তহঁত ৰাজপথত কিয় পথাৰত যা, চৰ অঞ্চলত যা, চৰকাৰী সুবিধা ল, বিজ্ঞানৰ সহায় ল, কৃষিকৰ্ম কৰ, মানুহ নিয়োগ কৰ কৰ্মসংস্থাপন বঢ়া তহঁত নিজেই পাৰিবি দেখুন হে’ৰ নিবনুৱাহঁত৷

নিবনুৱাহতঁক ব্যৱহাৰ কৰোৱা ৰাজনীতিকৰ কাম দলেবলে যোগ দিয় তহঁত তহঁতৰ জানো এইটো কাম৷ ৰাজনীতি জানো চাকৰি হয় ৰাজনীতি জানো উদ্দেশ্য হয় ৰাজনীতিলৈ তেনেহলে ঢাপলি কিয়? হে’ৰৌ নিবনুৱাহঁত৷

চৰকাৰী চাকৰিনো কিমান আছে তাতকৈ লাখ গুনে বেছি নিবনুৱা আাছে চৰকাৰ আহিব যাব চৰকাৰক দোষ দি লাভ কি হব৷ নিজে এইবোৰ ভাবি চা নিজকে নিজে এবাৰ সুধি চা তহঁতি নাভাবিলে ভাবিব কোনে নিবনুৱা যে তহঁত৷

কোনোবাই কিবা কলে গাত লাগে তাতে তহঁতৰ কেনা লাগে ভেকাঁহি মাৰি উঠ গাত গৰম তেজ বৰ মতা দেখাও বৰঘৰৰ লৰা হয় জানো তহঁত হে’ৰৌ নিবনুৱাহঁত৷

কিমান দিন থাকিবি নিবনুৱা সাজি বাধ্যত পৰিবি কিবা এটাতো কৰিবি তেনেহলে এতিয়ানো নকৰ কিয় মূৰ গুজ এতিয়াই কিবা কৰ এতিয়াই কৰ তহঁত এতিয়াই ওলা তহঁত এতিয়াই হে’ৰৌ নিবনুৱাহঁত৷

আহ, ওলা জ্ঞান-বুদ্ধি লগা শিক্ষাবোৰ ব্যৱহাৰ কৰ শ্ৰমলৈ ৰূপান্তৰ কৰ কৃষিক্ষেত্ৰ, উদ্যোগ, শিল্পকৰ্মত নিজে প্ৰয়োগ কৰ৷ হেৰ, গুণী, জ্ঞানী, শিক্ষিত, পাৰ্গত তহঁত নিবনুৱাহঁত৷

1 view0 comments

Related Posts

See All

Opmerkingen


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page