হাঁহিম নে কান্দিম
- Sahitya Chorcha
- Apr 29, 2021
- 1 min read
হাঁহিম নে কান্দিম মৰমত বন্দী সেউজী হৃদয়খনক চুই
সিদিনা যে দেখিছিলো কোনোবা নিৰ্জন দ্বীপত ৰাতিৰ জোনাক হৈ জিলমিলাই থকা সিদিনা যে অকস্মাতে বোধ হৈছিল সেউজী হৃদয় মোৰ আঘোণৰ পকা ৰ’দৰ কেঁচা ভূঁই
হাঁহিম নে কান্দিম আকালৰ ৰ’দত তিতা সেউজী হৃদয় খনক চুই
হাঁহিম নে কান্দিম সেউজী হৃদয় যে মোৰ কেতিয়াবা অধীৰ হেঁপাহৰ কেতিয়াবা অনাকাংক্ষিত বিৰহৰ জুই
Comments