হিমালয়ত বহিম
- Apr 8, 2021
- 1 min read
হিমালয়ত বহিম ফকটিয়া বৰফৰে হুইস্কি গিলিম, মাজে মাজে, চলিব উচ্চ শব্দৰে ত্ৰিকাল ভৈৰৱৰ ধ্বনি বাবাৰ ভক্তিৰে মাতাল হিমালয়ত বহিম। মাথোঁ নাথাকিল তোমাৰ সান্নিধ্যত সনা বিষাদ বোৰ।
হিমালয়ত বহিম সন্যাসী বনিম। মাতাল জাৰত মাতাল কবিতা লিখিম ফকটিয়া বৰফৰে হুইস্কি গিলিম।
এন্ধাৰ ৰাতিত ৰং সানিম ধলং ধপং কৰা শৰীৰটোৰে তান্দপ্ নাচিম হিমালয়ত বহিম।




Comments