হ’মেই বিজয়ী
- Sahitya Chorcha
- Mar 18, 2021
- 1 min read
কৰিমেই যুদ্ধ হ’মেই বিজয়ী পৰাজয় নলও নলও স্বীকাৰ কৰি
আগুৱাইছো আগুৱাম নৰও থমকি হেৰুৱা নাই আত্মবিশ্বাস আত্মশক্তি
মৰিলেও মৰিম প্ৰাণটাকি যুদ্ধ কৰি নাহো পিছ হুহকি ব্যৰ্থতাক সাৱতি যুদ্ধইযে মাতে আমাক হাত বাউলি কৰিছো কৰিম যুদ্ধ মৰণ পণ কৰি
আমাৰ কৰ্মই গঢ়িব আমাৰ ভাগ্য বাধা নেওচি সাফল্যক আনিব আদৰি বজাইছো তুৰ্য ওলাবই ওলাব সূৰ্য্য দুখ বিষাদৰ দিন যাবই যাব আঁতৰি
অচ্যুত অগতিৰ অগ্ন্যুৎপাতেৰে জ্বলালো অকৃত্ৰিম অগ্নচিৎ লৈ শুদ্ধ সিদ্ধান্ত কৰিছো অনিৰ্বাৰ যুদ্ধ হৈ স্থিতপজ্ঞ হোৱা নাই নহও অকৃতাৰ্থ শত্ৰুক কৰিমেই কৰিম ব্যৰ্থ
ই মোৰ অবিকল্প সুস্পষ্ট সুস্থিৰ লক্ষ্য অনিৰুদ্ধ মই অক্লিষ্ট অকুতোভয়দীপ্ত সাফল্য মোৰ অনিবাৰ্য অনিবাৰ্য
বীৰদৰ্পে আহিছো আগবাঢ়ি কৰিমেই যুদ্ধ হ’মেই বিজয়ী ধৈৰ্য্যৰ শৌৰ্য্যস্নাতা মই অক্লান্তপ্ৰহৰী
Comments