top of page

হেঁপাহৰ হাঁহিবোৰ

  • Sahitya Chorcha
  • Jan 3, 2021
  • 1 min read

হতাশা হুমুনিয়াহ ছানি ধৰা সপোনৰ মায়াজাল বিধ্বস্ত হোৱা দুৰ্দশাৰ এবছৰ ২০২০। প্ৰদূষণ মুক্ত আকাশত যদিওবা জাক জাক পৰিভ্ৰমী চৰাই, তথাপিও, কোনোৱাই কাৰোবালৈ বাট চাই আবিৰাম চকুলো বোৱাই। বহুতৰ অকালতে জীৱন বন্তি নুমাল অদৃশ্য শতৰুৰ কৰাল আঁচোৰত। হে একবিংশ শতিকাৰ বিংশতম বৰ্ষ তোমাক জনালো বিদায়। একবিংশ শতিকাৰ একবিংশ বৰ্ষই পূৰাব পুহি ৰখা মনৰ আশাবোৰ, দুৰ্বিষহ যাতনাৰ অশ্রু মচি ওভতাই আনিব হেঁপাহৰ হাঁহিবোৰ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page