top of page

হেঁপাহৰ ভোগজৰা

এদিন কথা দিছিলা আগুৱাই যোৱাৰ হাতে-হাত ধৰি জোনাক বিধৌত এক মায়াভৰা পথেৰে

বৰ ৰঙীণ আছিল সেই সময়বোৰ য’ত গলি গলি শেষ হৈছিল মোৰ দিক্ ভ্ৰান্ত সপোনবোৰ।

মই আতুৰ হৈছিলোঁ গঢ়ি তুলিছিলো এখন স্বপ্নময় পৃথিৱী য’ত খোপনি পুতিছিলো মই, তুমি আৰু আমাৰ সেউজীয়া ভৱিষ্যতে।

ক্ৰমাৎ মলিন হৈছিল সপোনবোৰ।

হাবাথুৰি খাইছিলো মই আশাৰ টিপচাকিটিৰ সন্ধানত। সেইবোৰ আছিল ব্যৰ্থ প্ৰয়াস তোমাক বিচাৰি পোৱাৰ

সেই আৱেশ আৰু নাই এতিয়া মাথোঁ জীৱন জীওৱাৰ মন্ত্ৰণা দুচকুত সাৱটি হেঁপাহৰ ভোগজৰা

#assamesekobita #axomiyakobita #hepahorbhogjora #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page