হেঁপাহ
- Sahitya Chorcha
- Dec 25, 2020
- 1 min read
হেঁপাহ মোৰ আছিল জীয়াই থকাৰ, এখন সোণৰ ঘৰ কৰাৰ কিন্তু বিচাৰিলে জানো সকলো পায়।
জীৱনৰ ৰঙীন সপোন দেখোৱাই এদিন গ’লাগৈ আতৰি তুমি কিয় কিয় তুমি মোক একো নোকোৱাকৈ গ’লাগৈ গুচি।
এবাৰো মনত নপৰিল নে সোণ কি হ’ব মোৰ তোমাৰ অবিহনে এই নিষ্ঠুৰ পৃথিৱীত কেনেকৈ থাকিম মই অকলে অকলে মানব ৰূপী দানবৰ পৰা কেনেকৈ বচাম নিজকে অ সোণ তুমি যিদিনা গ’লাগৈ মোকো নো কিয় নিনিলা তোমাৰ লগত
জীয়াই থকাৰ বৰ হেঁপাহ আছিল, তোমাৰ সতে অন্তৰৰ বিষাদ বেদনা নোৱাৰো সহিব আৰু মই ময়ো আহি আছো, সোণ ল’বা নে পুনৰ আদৰি মোক।
Comments