হে নাৰী তুমি ধৈৰ্য্যৰ এক অবিচল শৃংগ! ত্যাগৰো বিশেষ আকৰ্ষণ; ৰূপেৰে তুমি জগতৰ দীপ্তি; সাহসেৰেও অদ্বিতীয় বীৰাঙ্গণা; তুমিয়ে কনকলতা বৰুৱা গুলিবিদ্ধ শৰীৰেৰে মাতৃভূমিৰ ধ্বজা উৰুৱালা; জয়মতী আই ৰূপেৰে জন্মি দেশৰ ভৱিষ্যত মঙ্গলেৰে প্ৰতিটুপি তেজ শত্ৰুক সমৰ্পিলা; স্বাধীনতা সংগ্ৰামী যুদ্ধা তুমিয়ে চুচেতা কৃপলানি; ভূগৰ্ভত সুৰঙ্গ খান্দি শত্ৰুপক্ষক বুদ্ধিমত্তাৰ চমক দেখুঁৱালা; চিপাহী বিদ্ৰোহৰ অনন্যা বীৰাঙ্গনা তুমিয়ে ৰাধা ও ৰুক্মিণী দেৱী; বংগ বিভাজন বিৰোধিতা কৰি নিজৰ শক্তি ও সাহসৰ পৰিচয় দিলা; তুমিয়ে সৰলাদেৱী চৌধাৰিনী ও চিষ্টাৰ নিবেদিতা আত্মনিৰ্ভশীল হোৱাৰ পথ দেখুওৱা তুমিয়ে বিদেশিনী মহিলা; ঝাঞ্চিৰ ৰাণী লক্ষ্মীবাইৰ দৰে অদ্বিতীয় কলাকুশলীৰ শক্তিদায়িনী তুমি নাৰী ৰূপী; তুমিয়ে ভাৰত ভূমিৰ নাইটিংগেল সৰোজিনী নাইডু; মানৱপ্ৰেমেৰে বান্ধিছিলা একতাৰ যাদু; হেৰাকা আন্দোলনৰ গুৰি ধৰোঁতা তুমিয়ে ৰাণী গাইদালু নাগামিছ সকলৰ সাংস্কৃতিক দিশ ৰাখিছিলা অক্ষুণ্ণ; সিন্ধু তাইৰ দৰে অভিনৱ জীৱনাদৰ্শৰ অধিকাৰিনী তুমি মাতৃত্বৰ মৰমেৰে গঢ়িলা অনেক আত্মনিৰ্ভৰশীল জীৱন; হে নাৰী তুমি যুগ শ্ৰষ্টা যুগে যুগে বন্দিতা সৃষ্টিকৰ্তাৰ এক অভিনৱ পাৰদৰ্শিতা!
top of page
The website is being updated and edited. Please share comments on contact page.
bottom of page
Comments