top of page

হিন্দু নহয় মই মুছলীম নহয়

  • Sahitya Chorcha
  • Dec 31, 2020
  • 1 min read

ধৰ্মীয় কুখ্যাত সন্ত্ৰাসবাদ নহয় যদি উৎস্খাত অৰ্থহীন অস্তিত্ব ৰক্ষাৰ আন্দোলন অৱৰোধ হুংকাৰ প্ৰতিবাদ

সুৰক্ষিত কৰিবলৈ জাতিৰ অস্তিত্ব মহানতম বীৰত্বৰে গঢ়িবই লাগিব জাতীয়তাবাদ

সবল অক্ষয় সত্যনিষ্ঠ সুৱদী সুৰীয়া নিস্বাৰ্থ নেতৃত্ব নিষ্ঠ নীৰৱচ্ছিন্ন জক্ মকীয়া জাতীয়তাবাদ

হিন্দু মুছলীম নহয় মই নেজানো অধৰ্ম নেজানো অসত্য নুবুজো নেজানো নেলাগে বৰ্ণবৈষম্য অসমী আইৰ মই খিলঞ্জীয়া অসমীয়া বীৰপুত্ৰ

ভাষা সংস্কৃতি জাতিৰ অস্তিত্ব কৰিমেই কৰিম সুৰক্ষিত মোৰ তেজে তেজে তগ্ বগ্ কৰে শ্বহীদৰ তেজেৰে গঢ়া অপ্ৰতিৰোধ্য সব্যসাচী বীৰ্যবান বীৰত্ব

বাৰেৰহনীয়া অসম অসমীয়া ভাষা সংস্কৃতি মোৰ অকহি পুৰুষীয়া আজন্ম স্বত্ব

হিন্দু নহয় মই মুছলীম নহয় অসমৰ অসমীয়া মই অপ্ৰতিৰোধ্য মোৰ স্বদেশপ্ৰেমী বীৰত্ব

ৰাখিবলৈ অস্তিত্ব জাতীয়তাবাদ গঢ়াতো আজি অনিবাৰ্য অনিবাৰ্য অনিবাৰ্য জন জাগৰণ জন ঐক্য

অনিৰুদ্ধ মোৰ উদাত্ত অগ্নিকণ্ঠ অসমৰ খিলঞ্জীয়া অসমীয়া মই হাতত হেংদাং অস্তিত্ব ৰক্ষাৰ ৰণতুৰ্য্য

আজন্ম বিপ্লৱী মহা পৰাক্ৰমী অসমীয়া মই অসমৰ ভূমি পুত্ৰ

コメント


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page