সূৰ্য্য সিহঁতৰ অসহ্য
- Dec 25, 2020
- 1 min read
মোৰ সন্মুখত এখন উলঙ্গ মানুহৰ পৃথিৱী আশ্চৰ্য্য কদৰ্য্য মানসিকতা আসুৰিক অশ্লীল প্ৰকৃতি
সূৰ্য্যৰ পোহৰ প্ৰদীপ্ত কৰি চালে সিহঁতৰ কাৰ্য কৰ্ম পাগলৰ দৰে হয় সিহঁত হেৰুৱাই ধৈৰ্য্য
নকৰে সিহঁতি আত্মবিশ্লেষণ নেদেখে নিজৰ ভুল সিদ্ধান্ত আক্ৰমনাত্মক হৈ হয় বিক্ষূদ্ধ অন্ধকাৰ তৰোৱাল তুলি অন্ধতাৰে পাতে মাথোন যূদ্ধ
সিহঁতৰ কথা কৰ্মহে সত্য শুদ্ধ আন সকলোৱেই অশুদ্ধ সূৰ্য্যৰ পোহৰ সিহঁতে কৰিবই নোৱাৰে সহ্য




Comments