top of page

সূৰ্য্য পথৰ মই বিপ্লৱী নাৰী

মই যুগৰ জীৱিত বুৰঞ্জীৰ হিয়াৰ বিপ্লৱ মাজনিশাৰ অনাথৰ কাতৰ চিঞৰ প্ৰেমাকাংক্ষী মই নহয় দেৱদাসী বিপ্লৱী পথৰ

মুক্তি বিছাৰি আজি ল’লো প্ৰতিবাদৰ হেংদাঙ তুলি মাথোন লাগে পোহৰ আন্ধাৰ নথকা পোহৰ

প্ৰবঞ্চিত মানুহৰ কণ্ঠ মই নসহো নসহো আৰু নিৰ্য্যাতন উৎপীড়ণ ওৰণী তলত নেকান্দো নেকান্দো আৰু মাতৃত্ত্বকো নিদিও বিসৰ্জন

শাহু আইৰ থেকেচনী দেহৰ ভাগৰ চোতালৰ দুৱৰীয়েও ধৰে খোজে প্ৰতি জগৰ তোমাৰ শিলোৱা হিয়াত মোৰ নিৰাশ্ৰয়া স্বপ্নই আৰু নিবিচাৰে আশ্ৰয়

নেথাকো অৰু ওৰণী তলত ৰাজ পথলৈ আহিলো ওলাই

মই যুগৰ জীৱিত বুৰঞ্জী সংগ্ৰামী নাৰী অনাচাৰ অত্যাচাৰ আৰু নেথাকো সহি ফুটুকা ফুলৰ ময়েই সুৱাস সূৰ্য্য পথৰ ময়েই বিপ্লৱী নাৰী

0 views0 comments

Related Posts

See All

Comentarios


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page