top of page

“সীমাহীন শব্দৰ অভিব্যক্তি”

শীতৰ এটা উম লগা সন্ধিয়া নিৰ্জন আৰু নিসংগতাৰ সুযোগ লৈ বহি আছো অকলশৰে জুহালৰ কাষত। বাহিৰত তেতিয়া টোপ-টোপ কৈ সৰিছে ঠেৰেঙা লগা শীত জুহালৰ কাষত গলিছে মোৰ হৃদয়।

জুইৰ উত্তাপত পাৰ হৈ যোৱা অতীতৰ কিছুমান কথাই বাউলি কৰে মোৰ মন। মোৰ মানসপটত জিলিকি উঠে প্ৰাপ্তি-অপ্ৰাপ্তিৰ বহ ৰঙীন সপোন। শীতে ঠেৰেঙা কৰা সময় খিনিত জুহালৰ কাষত বহি বহি বিদায় দিছিলো মনৰ পৰা। পুৰণা হৈ যোৱা ডায়েৰীত লিখিৰখা অব্যক্ত বেদনাবোৰৰ এখিলা এখিলা পাত।

এতিয়া, নতুনকৈ জীৱন জীনাৰ পথত অকলশৰে খোজ দিবলৈ শিকিছো। লগত ৰাখিছো কলিজাৰ তেজ ভৰাই ৰখা কলমটো। সেইটোৰেই লিখি গৈছো সেই হৃদয় বোৰৰ কথা। য’ত জুইৰ লেলিহান শিখাইয়ো,শীতৰ চৰম ৰুক্ষতা আৰু অতীতে দিযোৱা চৰম প্ৰতাৰণা বোৰেও বিচলিত কৰিব নোৱাৰা প্ৰত্যয়ৰ গুন-গুন গান। ন-কৈ মোৰ কবিতাৰ ছন্দময়ীতাত বাঁজী উঠে মোৰ জীৱন পৰিক্ৰমাত স্বপ্নময়ী গীতৰ গুন-গুননি আৰু সীমাহীন শব্দৰ পৰিভাষা।

1 view0 comments

Related Posts

See All

Comments


bottom of page