top of page

স্মৃতিৰ মণিকোঠাত ২০২০ বৰ্ষ

  • Sahitya Chorcha
  • Jan 2, 2021
  • 1 min read

সৃষ্টিৰ ৰহস্য মানৱ জীৱন ঈশ্বৰৰ এক অনুপম অৱদান। আহিছে মানুহ গৈছে মানুহ এই পৃথিৱীত যশ খ্যাতিৰে ইতিহাস ৰচি বুৰঞ্জীত‌।

কালৰ পাকচক্ৰত সময়ৰ দিয়া নিয়া খেল আঙুলিৰ ফাঁকতেই সৰকি যায় সময়ৰ ঢাল। জীৱনৰ গতি চলি যায় এডাল সৰলৰেখাত তিনিভাগ‌ হৈ অতীত, বৰ্তমান আৰু ভবিষ্যতত।

তেনেকৈ ‌পাৰ হৈ গ’ল এটি বছৰ নেদেখা নুশুনা ঘটনাৰে আকস্মিক ধুমুহাৰ। কা,কৰুণা ক’ভিডে বিশ্বত লগালে হাহাকাৰ মানুহৰ সংগী হ’ল ল’কডাউন মাক্স আৰু চেনিটাইজাৰ‌।

নিমাওমাও‌ পৃথিৱী‌ত মানুহক কৰিলে আবদ্ধ সচেতনতা সামাজিক দূৰত্ব হ’ল উপলব্ধ। চাৰিওফালে যেন নিয়তিৰ গোগ্ৰাস হাতুৰী জাল পেলালে এক অচিনা মহামাৰী‌।

‌মানুহৰ হাত খালি উদং অৰ্থৰ অনাতন বহুমূলীয়া সময় হল এলাগী‌ জল‌স্হল। ‌অপয্যপ্ত সময়ে পৰিয়ালক‌‌ আনন্দ দিলে ৰুচি অনুযায়ী নতুন কৰ্ম সৃষ্টি কৰিলে।

যি কাম সময়ৰ অভাৱত বাদ‌ পৰি আছিল সেই কামত ন উৎসাহেৰে আগবাঢ়ি গ’ল। এই সময় ৰৈ যাব স্মৃতিৰ পটত‌‌ সদায় জীৱনৰ চাক্ষুস অভিজ্ঞতাৰ দস্তাবেজ হৈ।

সুখ দুখৰ সংমিশ্ৰণত বিগত বৰ্ষ দিলো‌ বিদায় কামনা কৰিলো অনাগত নতুন বছৰ যেন সকলোৰে‌ শুভ হয়। শান্তি সম্প্ৰীতিৰ প্ৰতীক হওক ২০২১ বৰ্ষ বৈ পৰক জনশ্ৰুতি হাঁহি আনন্দৰ‌।

Comentários


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page