top of page

স্মৃতি

তোমাৰ অৱিহনে আজি দেখোন বৰকৈ আমনি কৰিছে কলীয়া ডাৱৰে মোৰে কলিজাত৷ শেৱালিৰ ফুলৰে সুগন্ধিত মতলীয়া হোৱা নিয়ৰৰ কণাইও নহঁহা হ’ল দুবৰিৰ দলিচাত৷ বুকুৰ মাজতে বৈ যোৱা নিৰবধি প্ৰেমৰ নদীখনিৰ কুলুকুলু সুৰে দুয়োকে হহুৱাই৷ হিয়াৰে ভিতৰত সযতনে সাঁচি থোৱা তোমাৰ সৌন্দৰ্য্যৰে জিলিকা ছবিখনে এতিয়া নিৰবে বৰকৈ কন্দুৱাই৷ মোৰ হৃদয়ৰ চৌপাশে বিৰাজিত তোমাৰ স্পৰ্শবোৰ ভাঁহি ফুৰিছে ভাৱনাবোৰ সংগোপনে ৷ তোমাক হেৰুৱাই মই এতিয়া বৰ অসহায় নুবুজিলোৱেই তোমাৰ সুউচ্চ মনৰ কল্পনাৰবোৰ আত্মগোপনে৷

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page