top of page

স্বাস্থ্যকৰ ঠাই

  • Sahitya Chorcha
  • Jan 27, 2021
  • 1 min read

চিকিম, দাৰ্জীলিং আদি স্বাস্থ্যকৰ ঠাই, দেশ-বিদেশৰ পৰ্যটক ফুৰিবলৈ যায়| বৰফৰ বৰষুণত কিযে মজা লাগে, বৰফত খেলি খেলি ভাগৰ নালাগে| সেই দৃশ্য এৰি আহিবলৈ মনেই নাযায়, বৰফত খোজকাঢ়ি বেলেগ আমেজ পায়| কুঁৱলীৰ ঢাক খোৱা কিযে পৰিবেশ, ঘন ঘন বৰষুণৰ কোনোকালে নহয় শেষ| মাজে মাজে বৰফৰ টুকুৰাবোৰ মূৰে- গায়ে পৰে, শীতল পৰিবেশত দেহাৰ কঁপনি উঠে| কিন্তু! কেতিয়াবা মনে মনে সেই পৰিবেশৰ কথা নিজে ভাবি চাওঁ, যদি সদায় আমি তাতে থকিবলৈ যাওঁ; কিযে অৱস্থা আহিব আমাৰ! ইয়াত একেৰাহে যেতিয়া ডাৱৰীয়া হয়, তিনি/ চাৰি দিনলৈ কাপোৰ নুশুকায়; ধান আদি শুকাবলৈ সম্ভৱেই নহয়, মানুহৰ খোৱা-লোৱাত কিযে এক দুৰৱস্থা হয়! চেৰাপুঞ্জীত একেৰাহে তেনে পৰিবেশেই হয়, ৰ’দৰ মুখ কোনোকালে দেখাই নাপায়| ছিলং নগৰৰ পৰা বহুত দূৰত আছে, তাৰ মানুহবোৰ বাৰু কেনেকৈ চলে! ফুৰিবলৈ গৈ এদিন/দুদিন থাকিবলৈ ভাল, সদায় থকাখিনিৰ কিন্তু বহুত জঞ্জাল| কেনেকৈযে তেওঁলোকে বসবাস কৰিছে, ভাবিলে আচৰিত হওঁ কেনেকৈনো চলে|

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page