top of page

স্বামী বিবেকানন্দ

  • Sahitya Chorcha
  • Jan 28, 2021
  • 1 min read

যুক্তিবাদী আছিল পিতৃ আৰু মাতৃ ধর্মপ্রানা , পিতৃ আৰু মাতৃ তেওঁৰ চিন্তা চৰ্চাৰ অনুপ্ৰেৰণা।

মাঁকৰ ধৰ্মীয় চেতনা পৰিত্যাগ তেওঁৰ সকলো বাসনা, পিতাকৰ যুক্তিবাদত পালে জ্ঞানৰ অৰিহণা।

তেওঁৰ জ্ঞান কথা ব্যক্তিত্বত তেজস্বতাৰ উৎপন্ন, অকাত্য প্ৰমাণ তথা ব্যৱহাৰিক পাৰীক্ষা সম্পন্ন।

তেওঁ সর্বদা ধ্যানমগ্ন আধ্যাত্মিক জ্ঞানৰ বৈৰাগী, চৰণত সদ্ভাৱনাৰ জন্ম অন্তৰাত্মা হয় নিৰোগী।

তেওঁৰ সহজ সৰল মন্ত্ৰমুগ্ধ বক্তৃতাদান, আকৰ্ষণ কেন্দ্ৰিক মোহে সকলোৰে মন প্ৰাণ।

যুৱ প্ৰজন্মৰ উন্নতি তেওঁৰ জীৱনৰ সাধনা , জীৱন অৰ্পণ মানৱ সেৱা-ঈশ্বৰোপাসনা।

তেওঁৰ জীৱন শৈলী সবাতোকৈ মহান, তেওঁ হিন্দু ধর্মৰ পুনৰজাগৰণৰ প্ৰধান।

প্ৰাচ্য-পাশ্চাত্য দেশৰ মিলনৰ সূত্ৰধাৰ, পাশ্চাত্যত হিন্দু ধৰ্ম বিবেকানন্দ তাৰ মূল আধাৰ।

তেওঁৰ আজীৱন চেষ্টা বেদান্ত-যোগশাস্ত্ৰৰ প্ৰচাৰ, তেওঁৰ স্বপ্ন সৰ্বধৰ্ম সমন্বয়ৰ বিস্তাৰ।

Commentaires


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page