কেইবাদিনো পাৰ হৈ গ’ল তোৰ সৈতে খন্তেক কথা পাতিব পৰা নাই। মোৰ প্ৰানত থিতাপি লোৱা কবিতা তই তোৰ সৈতে এই কেইদিন সংগোপনে আলাপ কৰিব পৰা নাই। তোৰ চিন্তাতে প্ৰতি নিয়ত মই থাকো বিভূৰ হৈ তথাপিওঁ জীৱনৰ গতিবেগক ভেটা দিয়া দুখবোৰক মচিব পৰা নাই মনৰ পৰা। সময়ৰ নিসংগ মূহূৰ্তবোৰৰ ওপৰেদি বাগৰিছে জীৱনৰদেওঁলগা সময়বোৰ।
কবিতাৰ আবৰণৰ মাজত সোমাই থাকি বিচাৰি ফুৰো হেৰুৱা শব্দবোৰ, তোৰ ছন্দময়ী শব্দৰ গুঞ্জনৰ মাজত মই বিচাৰি পাওঁ মোৰ জীৱনৰ প্ৰকৃত অস্তিত্ব। জীয়াইথকাৰ অফুৰন্ত হেঁপাহ। সময়ে ধুই নিয়া দিনবোৰ এনেকৈয়ে বৈ যায় চকুলোৰ বানত। তথাপিওঁ আশাহত জীৱনত কলিজাৰ একোনত দীৰ্ঘম্যাদি সাঁচ বহুৱাই থাকিবি সদায় তই এনেদৰেই,এনেকৈয়ে চিৰদিন চিৰকাল যুগে যুগে এখনি খৰশ্ৰোতানৈৰ দৰে।
コメント