top of page

সুখ – দুখঃ

দৰ্জাখন খুলি দেখিলো চোতালত এগৰাকী মহিলাই সৰু পানী কেঁচুৱা এটা আৰু চাৰি বছৰীয়ামান লৰা এটা লৈ এমোৰত বহি আছে । মোক দেখি মানুহজনীয়ে কাতৰভাৱে কলে – – দাদা কিবা অলপ খাবলৈ দিয়ক, কালিৰে পৰা একো খোৱা নাই। শ্ৰীমতী পাকঘৰত আছিল মই চিঞৰি কলো হেৰা শুনিচা বাহিৰত মানুহ এজনী আহিছে ভোক লাগিছে বোলে কিবা অলপ খাবলৈ দিয়াচোন ।শ্ৰীমতীযে বিস্কুট দুখনমান আনি সিহঁতক খাবলৈ দিলে । সৰু লৰাটোৰ বিস্কুট খাই ভোক নপলোৱাত সি কান্দিবলৈ ধৰে। মানুহ গৰাকীয়ে শ্ৰীমতীক নমস্কাৰ কৰি কলে — – – বাইদেউ ভাত আছে যদি কেইটামান দিয়ক যোৱা কালিৰে পৰা একোকে খোৱা নাই । ৰাতিৰ থাকি যোৱা ভাত – দালিৰে সৈতে সিহঁতক খাবলৈ দিলে ।মানুজনীয়ে নিজেও খালে আৰু পোৱালী দুটাকো খুৱালে । মই সুধিলোঁ কত ঘৰ, দেউতাক কত – – -ইত্যাদি সুধাত কলে কিছুদিন পূৰ্বে মানুজন জ্বৰ হৈ ঢুকাল, চৰকাৰী হস্পিতাললৈ নিছিলে ডাক্তৰে বচাব নোৱাৰিলে। এতিয়া মানুহৰ ঘৰে ঘৰে কাম কৰোঁ। কেতিয়াবা কাম পাওঁ কেতিয়াবা নাপাওঁ। মই কলো লৰাটো কাৰোবাক দি নিদিয় কিয়? মানুজনীয়ে মনটো মাৰি কন্দনামুৱা হৈ কলে নিদিওঁ দাদা কাকো নিদিওঁ শৰীৰত শক্তি থকালৈ লোকৰ ঘৰত কাম কৰি ইহঁতক খুৱাম আৰু পঢ়ুৱাম । মই কলো বেয়া নাপাব মাকৰ মৰম মই বুজোঁ, তোমাৰ অসুবিধাৰ বাবেহে কৈছিলোঁ। অলপ সময়ৰ পিছত মানুহজনীয়ে আমাক আশীৰ্বাদ দি আমাৰ ঘৰৰ পৰা বিদায় ললে। মোৰ নিজৰে ভাইটি এজনৰ সংসাৰ পতাৰ বহু বছৰ হল । কিন্ত ভগৱানৰ আশীৰ্বাদত আজিলৈ সন্তানৰ মুখ দেখাৰ সৌভাগ্যই নহল। মানুজনী যোৱাৰ ফালে চাই ৰলো আৰু মোৰ ভাইটিলৈ বৰকৈ মনত পৰিল।

0 views0 comments

Related Posts

See All

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page