সেউজী হেঁপাহ
- Sahitya Chorcha
- Jan 19, 2021
- 1 min read
হাত বাউলি মনে মোৰ আজি উলাহত নাচিছে বহু অপেক্ষা সাঁতোৰি আজি নয়নে পাৰ দেখিছে!
ভোকাতুৰৰ দৰে মানুহ মই আজি মোক লগা নাই ভোক কাৰণ “”দেখা পাবা জোনক কালিলৈ” এই বুলি তাই চিঠিত লিখিছে!!
হিয়াত প্ৰবল ইচ্ছা উৎপন্ন হৈছে ৰঙা দলিছা এখন পাৰিবলৈ বহু দিনীয়া মোৰ বাঞ্ছনাই অধীৰ ফুল জনীক আদৰিবলৈ !!
এই হেঁপাহ যুগমীয়া হৈ ৰওঁক থাপনাত এই বুলি ধূণা কৰো প্ৰাপ্তিয়ে প্ৰায় মৰম হ্ৰাস কৰা দেখিছো আনৰ কেনেকৈ জীয়াম মই এই ৰোগৰ কবলত যদি ময়ো পৰো
Comments