সেই জীৱনকেই আহিছো পাৰ কৰি
- Sahitya Chorcha
- Mar 25, 2021
- 1 min read
সেই জীৱনৰ দিন বোৰেই আহিছো পাৰ কৰি কৰ্মৰ বাদে জাৰ জহ বৰষুণ যি নেপায় চিনি
সহ্য ধৈৰ্য্য যুদ্ধই যাৰ আজন্ম সতেজ লগৰী শোষণ নিষ্পেষণ নিপীড়নৰ যি অহৰ্নিশে বলি
সেই জীৱনকেই হেলাৰঙে আহিছো পাৰ কৰি অনাহাৰ অনিদ্ৰা অৱহেলা অপাৰ সমস্যাই স্বপ্ন ভাঙি ভাঙি ঘূৰাই যাৰ জীৱনৰ চকৰি
যাৰ শৱদেহত মৃত্যুৱেও নেপায় আদৰ বিছাৰি সহাৰি নপায় কাৰো মাতিলেও চিঞৰি চিঞৰি আহি আছো সেই জীৱনৰেই হাত ধৰি ধৰি
দিনপাৰ কৰে যি লঘোনে ভোকে কাম কৰি গালি শপনি অমানৱীয় অত্যাচাৰ নীৰৱে সহি ত্ৰাস শংকা দুখসাৱতি ক্ষণিক টোপনি যায় ৰাতি এই খন মানুহৰ সমাজতেই কটাও দিন ৰাতি
এইখনেই সেউজ মনৰ আচল মানুহৰ পৃথিৱী কোনেও নেপায় চিনি কোনেও নিদিয়ে সহাৰি যাত্ৰা পথৰ অলেখ বাধা য’ত আঁতৰাব নোৱাৰি আওকান কৰি সূৰ্য্যও যায় দূৰলৈ আঁতৰি
অন্যায় অত্যাচাৰ অধৰ্মৰ যি যুগে যুগে বলি অভাৱ অনাতন হতাশা নিৰাশাৰে যি চহকী প্ৰেম সহৃদয়তাসমৃদ্ধ দুৰ্ভগীয়া সৰ্বহাৰা জীৱন যাপন কৰিয়েই যি থাকে হাঁহি মাতি
দুখকেই সুখ বুলি ভাৱি যি কতাই দিন ৰাতি সেই জীৱনকেই হাঁহি হাঁহি আহিছো পাৰকৰি সেই সমাজতেই কতাও দিনৰাতি হাঁহি মাতি শিপা নিচিগা দুখৰ মাজত সুখ বিছাৰি বিছাৰি
জীয়াই থকা কেইদিনো এনেকৈয়ে যাব চলি দুখ দুৰ্দশা দুৰ্ভাগ্য দুৰ্য্যোগৰ সতে যুঁজি যুঁজি লগত থকাবোৰো অজানিতে যাব আঁতৰি মৃত্যুৰ অন্তত এদিন নীৰৱে যাব মাটিত মিলি
Comments