top of page

সহবাস কৰিছোঁ তোমাৰ সৈতে

মই তোমাৰ সৈতে সহবাস কৰিছোঁ তোমাৰ প্ৰতিটো উশাহৰ সৈতে মিলি গৈছো বাৰে বাৰে।

তোমাৰ প্ৰতিটো কথাত উঠ বহ কৰিছোঁ প্ৰতিটো নিৰ্দেশ পালন কৰিছোঁ বিনা প্ৰতিবাদে।

কাৰণ — কাৰো সাধ্য নাই তোমাৰ পৰা মোক আজুৰি আনিবলৈ দেহত শকতি নাই তোমাৰ স’তে যুঁজিবলৈ।

বাৰে বাৰে তুমি মোক গবা মাৰি ধৰিছা তোমাৰ সৈতে মিলি যাবলৈ একাত্ম হৈ জীৱন বাটত খোজ বুলিবলৈ ।

এয়া হয়তো এক অভিশাপ! নে দুৰ্ভাগ্য!

হে দৰিদ্ৰতা — তুমি মোক মুক্তি দিয়া মোক বাৰণ কৰা তোমাৰ সৈতে সহবাসৰ পৰা এইয়া মোৰ কাতৰ অনুৰোধ।

#SahityaChorcha #daridratarsahbax #assamesepoetry #axomiyakobita #assamesekobita

0 views0 comments

Related Posts

See All
bottom of page