সহধৰ্মিণী
- Sahitya Chorcha
- Jan 30, 2021
- 1 min read
তুমি মোৰ ডায়েৰী হ’বানে? আৰু মই কলম হৈ তাতে প্ৰতিটো পৃষ্ঠাত লিখি যাম তোমাৰ আৰু মোৰ প্ৰেমৰ অনিন্দ্যসুন্দৰ অনুভূতিবোৰ।
তোমাৰ জীৱনৰ প্ৰতিটো পৃষ্ঠাত মোৰ কলমৰ চিয়াঁহীৰে লিখি যাম তোমাৰ আৰু মোৰ মন আকাশত প্ৰেমিক দহিকতৰা হৈ উৰি ফুৰা প্ৰেমৰ মিঠা মিঠা মুহূৰ্তবোৰ।
লিখি যাম মই কিদৰে তুমি প্ৰতিনিয়ত ঊষাৰ স্বৰ্ণ-কান্তিৰ প্ৰথম পৰশ হৈ খিৰিকীৰ ফাঁকেৰে আহি চুমা দি মোৰ গালত সানিছা আকুল আলসুৱা প্ৰেমৰ বোল।
লিখি যাম মই কিদৰে তুমি বসন্তৰ বোল হৈ মোৰ জীৱনৰ শুকান পাত খিলাত আনিলা অভিনৱ অময়াপুৰী।
লিখি যাম মই কিদৰে তুমি আপোন পৰিচয় হেৰুৱা মোৰ জীৱনৰ মৰা সুঁতিত শাওণৰ ধল হৈ ৰঙাই তুলিছিলা মোৰ মন।
Comments