top of page

সহজেই বুজি পাবা

মই ভবাৰ দৰে তুমিও ভবা হ’লে মোৰ কথা ইমান নীৰস নহ’ল হেতেন এই পৃথিৱী ময়ো নহ’লো হেতেন নিঠৰুৱা

পলসুৱা প্ৰেমৰ পলাশী বাটেৰেগৈ অৰুণিম আকাশৰ সূৰ্য্য পথত ৰৈ এতিয়াও আছো বাট চাই তুমি এবাৰ ঘূৰি চোৱা

এবাৰলৈ হ’লেও মোৰ বুকুৰ বৰষাত ক্ষণিক তিতি চোৱা গমপাবা তোমাৰ প্ৰেমৰ স্বপ্নৰেই মতলীয়া মোৰ হৃদয় চিৰ সেউজীয়া

হৃদয়ত হৃদয় থৈ শুনিবাচোন মোৰ হৃদয়ৰ কথা নয়নত নয়ন থৈ চাবাচোন মোৰ পৃথিৱীৰ সেউজীয়া মই তোমাক কিমান ভালপাঁও কিমান ভালপাঁও সহজেই বুজি পাবা

#assamesekobita #axomiyakobita #hahojeibujipaba #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page