top of page

সশ্ৰদ্ধ প্ৰণিপাত

  • Jan 17, 2021
  • 1 min read

তুমি সূৰ্য্য তুমি সুন্দৰৰ পূজাৰী তুমি জ্ঞান জ্যোতিষ্ক তুমি ৰূপ কোঁৱৰ তুমি মহা কলাকাৰ তুমি কলাৰ গুৰু তুমি সাহিত্য-সংস্কৃতিৰ নিৰৱধি নদী তুমি আমাৰ পথ প্ৰদৰ্শক তুমি আমাৰ সেউজী আকাশ তুমি আমাৰ জ্যাত্যাভিমানী।

তোমাৰ বুকুৰ উমত পলে পলে বাজি উঠে অসমী সন্তানৰ ওঁঠে ওঁ‌ঠে তোমাৰ ঝংকাৰিত মধুৰ সুললিত গীতৰ ধবনি।

তোমাৰ সৃজনীমূলক শক্তিৰ লহৰত সবাঙ্গ সুন্দৰ দিব্যজ্যোতিৰ পৰশৰ সুবাসত অসমী আইৰ চিৰ সন্তুষ্ট আৰু গৌৰাম্বিত।

হে সু-সাহিত্যক,সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ,চিত্ৰকাৰ তুমি আমাৰ চিৰ নমস্য তোমাৰ মৃত্যু তিথিত জনালো শতকোটি সশ্ৰদ্ধ প্ৰণিপাত।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page