দূখীজনক সান্তনাৰ বাণীৰে ধৰ্ষিতাক আকৌ জীয়াই থাকিবলৈ প্ৰেৰণাৰে! ৰোগীজনক আত্মবিশ্বাসৰ সাজ পিন্ধাই; নৱাগতৰ হৃদয়ত ঠাই লবলৈ, আহাঁচোন আহাঁ আমি সকলোৱে মিলি মৰম বিলোৱা প্ৰতিযোগীতা পাতো! হিংসাৰ থলিত মৰমৰ বুলনি শীতল পৰিব মন হিংসাৰ হব শেষ! অস্ত্ৰধাৰীক আৱেগৰ এক শিহৰণকাৰী আলিঙ্গন! খহি পৰিব অস্ত্ৰ নাথাকিব কোনো অভিমান! ধৰ্ষনকাৰীক মৰমৰ শব্দবাণেৰে ধাৰাসায়ী! জ্ঞানৰ জেউতিত প্ৰকাশ্য হৈ দেখুৱাব যে সিও মানৱপ্ৰেমী! আহাঁচোন আহাঁ প্ৰতিযোগীৰ সংখ্যা বঢ়াই; অভিনৱ সমাজ এখনৰ চানেকি দি থৈ যাওঁ! চৰাই চিৰিকতি, জীৱ জন্তু, আকাশ , বতাহ দৰ্শক হব! প্ৰকৃতিয়েও আনন্দৰে সেউজীয়াবোৰ ছটিয়াৱ! বতাহে আনন্দতে বেগ বঢ়াব! আকাশৰ গ্ৰহ নক্ষত্ৰবোৰ বৃষ্টি ৰূপেৰে পুষ্পহৈ বৰষিব! মানৱৰ জয়গান প্ৰকৃতিয়ে গাব! সৃষ্টিকৰ্তা ৰো তেহে বুকু জুৰাব!
#assamesekobita #axomiyakobita #SahityaChorcha #samajsanskar