top of page

“সময়ে আমাক কবনে”?

পুহ-মাঘৰ সংক্ৰান্তিৰ ক্ষণত ভোগালী আহিলে– পথৰুৱা নৰা দাই মেজিঘৰ সাজি নিশা লগেভাগে তৃপ্তিৰে খালে মোৰদেশৰ মানুহে– কোনো আকৌ মদৰ পানীকণ ডিঙিত পেলালে বজাৰত জুই-চাই দাম মঙহ-মাছৰ– পিছে আন এচামে চকুলো টুকিলে খবৰ ৰাখিব কোনে? নিশাটো উলহ-মালহে গ’ল কাউৰী অহাৰ আগতে হুৰহাৰ কৰি গছত ধানখেৰ বান্ধি ভেলাঘৰত পুৱাই অগ্নি প্ৰজ্বলিতং বন্দে চতুৰবাশনন্ হুতাশন্ সুবৰ্ণমংগলম: জ্যোতিৰূপায়: নমস্তূতে: অগ্নি সংযোগ কৰি অগ্নিৰ সেৱা জনাই কপালত ফোঁট ল’য় সমন্বয়ৰ এনাজৰী থকা এই জাতিটো আজি এই হেৰাই যাওঁ যাওঁ , মাটিভেটি যায়। ভাষা যায় সম্পদ বিক্ৰী হ’য় কৌশলৰ কুটিল ষড়যন্ত্ৰৰ কথাৰ সিন্ধুমতি ভণ্ড আদি পাঠৰ বুকুত! আকাশ এখন হৃদয় দিয়া মোক য’ত প্ৰাণদিব মানুহৰ কল্যাণৰ মন্ত্ৰ!!

0 views0 comments

Σχόλια


bottom of page