top of page

সময়ৰ সোঁত

কিবা পাইছো নে নাই পোৱা নুসুধিবা মোক নুসুধিবা মোৰ সময়বোৰ , গৈয়েযে আছোঁ সময় বাটত সেয়াই বহুত মোৰ ৷

গৈ আছোঁ হয় মোৰ জীৱন বাটত ক’লৈ গৈছো তাকো নাজানোঁ , ইয়াৰ বাট কেতিয়া অন্ত হ’ব সেয়াটো মই নাজানোঁ ৷

মিছাতে বুকুত লৈ নানা আশাবোৰ , দেহত সানিছোঁ কল্পনাৰ ধূলি বোৰ ৷

জীৱন নদীৰ ঘাটত লগ পাইছোঁ বহুজনক কথা হৈছোঁ, মৰম দিছোঁ এই মৰম চিৰদিন নাথাকে জানোঁ, সময়ৰ নৈ খনে মোক লৈ গৈ আছে এই যাত্ৰাৰ শেষ কেতিয়া সেয়াও মই নাজানোঁ ৷

যিদৰে নাজানোঁ ঠাই মই পৃথিবীলৈ অহাৰ জানো মাথোঁ পুনৰ কোনোবা এদিন উভতি যাবগৈ লাগিব সময় আহিলে এই সময়বা কেতিয়া আহিব এয়াও মই নাজানোঁ ৷

আমি আমাৰ জীৱনৰ কথা একোৱেই নোৱাৰোঁ ক’ব আহক আমি জীয়াই থকা কেইদিন এজনে আনজনৰ লগত হাঁহি মুখে মিলি-জুলি থাকোঁ, যি পাৰো সমাজৰ বাবে ভাল কাম কৰি পৃথিৱীলৈ অহাৰ চিন ৰাখোঁ ৷

1 view0 comments

Related Posts

See All

Comments


bottom of page