ধীৰে ধীৰে যোৱা হেৰা, সময়নাচনীজনী পিচলৈ চোৱা! চেৱত চেৱ মিলাই কিমান আৰু নাচিম! থমকি ৰোৱা হেৰা নাচনী মোৰ ধীৰে ধীৰে যোৱা! কৰ্মৰ তালিকাও যে বহু দীঘলীয়া; বয়সেও বাৰে বাৰে তাকেহে সুৱঁৰাই; লাহে লাহে গীত জুৰা হেৰা সময় গীতিকাৰ; কেনেকৈনো গীত জুৰিম বাৰু তোমাৰ সুৰত সুৰ মিলাই! তাকৰীয়া জীৱনত প্ৰতিপল সময়েই বাট দেখুৱাই; প্ৰাপ্যৰ হিচাপ লও ৰবা হেৰা সময়বন্ধু! প্ৰতিদানৰ মূল্য উঠাবৰো যে আছে বহু! থমকি ৰোৱা হেৰা সময়বন্ধু থমকি ৰোৱা! জন্মিয়ে সঙ্গ দিলা আজীৱন বন্ধুত্বৰ প্ৰতিশ্ৰুতিৰে; জীৱনৰ গতিত পথ দেখুৱালা হাঁহি কান্দোনৰ নাটকেৰে! নাটকৰো সামৰণি পৰিব! সময়বন্ধুত্বৰো এনাজৰি চিঙিব! দুয়ো দুয়োৰে বাবে অন্তিমটো গীত জুৰিব! ধীৰে ধীৰে যোৱা হেৰা বন্ধু , সময় যে তাকৰ! দিবলৈ, থবলৈ যে আছে আৰু অলেখ অপাৰ! লাহে লাহে যোৱা সময়বন্ধু লাহে লাহে যোৱা!
#assamesekobita #axomiyakobita #homoyakaahban #SahityaChorcha