top of page

সপোন যেন

নিশাটো ক্ৰমে গহীন হৈ পৰিছিল ঘিটমিটীয়া আন্ধাৰে আৱৰি ধৰিছিল।

ফেঁচাৰ উৰুলি হুদুৰ চিঞঁৰে নিশাটো আৰু বেছি জয়াল কৰি তুলিছিল।

আন্ধাৰৰ মাজত পথ খেপিয়াই ফুৰিছোঁ দুভৰিৰ কম্পিত খোজেৰে।

কানৰ কাষেৰে জোৰেৰে পাৰ হৈ গ’ল এটি ডাঙৰ বাদুলী বতাহত কান এখন লৰিছিল।

বুকুখন দুৰু দুৰুকৈ কঁপিছে যাবলৈ আছে বহু দূৰ বাট।

শিয়ালৰ হোৱাই ৰাতি দুপৰৰ জাননী দিলে।

ভৰিৰ ওপৰেৰে চেঁচা চেঁচা কিবা এটা পাৰ হৈ গ’ল গাতো শিঁয়ৰি উঠিল।

হঠাৎ এক অজান শক্তিয়ে ডিঙিত চেপি ধৰিলে মাতিব খুজিও মাতিব পৰা নাই।

খুব জোৰে চিঞঁৰ মাৰিলোঁ ওচৰতে থকা পত্নীয়ে গাত হেচুকি মাতিলে।

সাৰ পাই দেখিলোঁ মই বিচনাখনত খামোচ মাৰি ওপৰলৈ মুখ কৰি শুই আছোঁ।।

#assamesekobita #axomiyakobita #hopunjen #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page