top of page

সপোনৰ দেশৰ তোমাৰ মোৰ প্ৰেম

  • Sahitya Chorcha
  • Jan 4, 2021
  • 1 min read

আহাঁনা নতুন বছৰটোত নতুনকৈ সজাওঁ মৰমবোৰক। হিয়াৰ আকুল আহ্বানবোৰক।

আকৌ নতুনকৈ চিনাকি হওঁ এবাৰ

সপোনবোৰক বাস্তৱ কৰাৰ হেপাঁহবোৰ আকৌ ৰোপণ কৰোঁ হৃদয়ত।

মৰমৰ বীজ বোৰ সিঁচিদিওঁ তোমাক মোৰ উকা হৃদয়ত।

প্ৰেমৰ বৰষুণত তিতো ব’লা দুয়ো আকৌ এবাৰ।

আকৌ এবাৰ তোমাৰ দুচকুৱে বহু কথা ক’বা আৰু মোৰ মৌন ওঁঠে দিম ভাষা বিহীন উত্তৰ।

ৰঙীল পখিলা জনীয়ে আকৌ নাচি উঠিব হৃদয়ৰ কোনোবা এটা কোণত।

নিদ্ৰাবিহীন ৰাতিবোৰ আকৌ দুয়োয়ে দুয়োৰে কথা সুঁৱৰি পাৰ কৰোঁ ব’লা।

সপোনৰ দেশখনলৈ আকৌ এবাৰ যাওঁ ব’লা চকুমুদি।

উজুটিত খহি পৰা সুখ বোৰ আলফুলেৰে বুটলি হেঁপাহৰ ঘৰ সাজু সপোন দেশত।

য’ত থাকিম তুমি আৰু মই। জোনৰ দেশত তৰাৰ লগত খেলিম। আকাশত উৰিম দুয়ো।

আহাঁনা নতুন বছৰটোত নতুনকৈ সজাওঁ মৰমবোৰক।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page