top of page

শ্ৰমিক

  • Sahitya Chorcha
  • Jul 16, 2021
  • 1 min read

আশীৰ্বাদ নে অভিশাপ নাই জী থকাৰ প্ৰবল সংগ্ৰাম কোন পূৰ্ব জন্মৰ কৰ্মফলত তেওঁলোকৰ এই কৰুণ বৃত্তি!

তেওঁলোক সময়ক প্ৰমূল্য দি কষ্টক ধাৰাশায়ী কৰি অনায়াসে জীৱন উছৰ্গা কৰে কামত কামৰ প্ৰতি অনিচ্ছা নাই তেওঁলোকৰ।

তেওঁলোকৰ কামৰ অনিৰ্বাণ শক্তিত সেওঁ মানে সূৰ্যৰ প্ৰখৰ তাপ বৰষুণৰ উন্মাদ ধাৰাসাৰ স্তব্ধ হয় ধুমুহাৰ দুৰ্বাৰ গতি গা শিহৰিত কৰা শীতৰ কোলাহল।

তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠে ওখ ওখ অট্টালিকাবোৰ কাৰখানাত উৎপাদিত হয় সামগ্ৰীৰ মূল্য কেঁচা ৰাস্তাবোৰ পকী হয় নদীৰ বুকুত নিৰ্মিত হয় সেতু তেওঁলোকৰ হাতুৰীৰ কোবত কোমল হয় কঠিন শিল।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page