শ্ৰদ্ধেয় দেউতা
- Sahitya Chorcha
- Jan 10, 2021
- 1 min read
আজি আপোনালৈ বৰকৈ মনত পৰিছে আপোনাৰ সেই মুখখন কৰ্তব্য আৰু দায়িত্বৰ মাজতো আপোনাৰ সেই সদাব্যস্ত মুখখন প্ৰতিশ্ৰুতিৰে ভৰা সুউজ্জ্বল চকুহাল সোণালী সপোনে ভৰা সেই বিশাল অন্তৰখন। আজি বাৰে বাৰে মনলৈ আহিছে দেউতা।
শাওনীয়া পথাৰৰ বোকাপানী ৰদ বৰষুণৰ মাজত মুৰত জাপি হাতত কোৰ লৈ পুৰণি আলি নকৈ সজোৱা আজি বাৰে বাৰে মনত পৰিছে দেউতা সেই পথাৰখনৰ কথা ধানৰ সজাল দেখি আপোনাৰ চকুত ভাঁহি উঠা সেই সুখৰ অনুভৱ বোৰ……….! আৰু বানে ধুই নিয়া পথাৰখন দেখি আপোনাৰ শিল হৈ যোৱা বুকুখন!! স্মৃতি বোৰে আজি বৰকৈ আমনি কৰিছে। আপোনাৰ উদাৰতা ভৰা সেই মুখখন কথা আজি বৰকৈ মন পৰিছে আমাৰ বাবে কৰি যোৱা ত্যাগৰ আমাৰ জীৱন ধন্য কৰি সংগোপনে গুচি গ’ল আপুনি য’তেই আছে কুশলে থাকক দেউতা।
Comments