“শ্ৰদ্ধাঞ্জলী”
- Jan 26, 2021
- 1 min read
হে বীৰ শ্বহীদ তোমাকো সহস্ৰ প্ৰনাম তোমাৰ মাতৃভূমিৰ অগাধ প্ৰেমে উজলাই ৰাখিছে ভাৰতবৰ্ষৰ নাম
প্ৰচণ্ড ৰদে,ধাৰাসাৰ বৰষুণে,
ধুমুহা বতাহে,ভোকে,পিয়াহে
উৰে দিনে-ৰাতিয়ে পৰিয়ালৰ মোহমায়া ত্যাগ কৰি হাতত বন্দুক দেহত জাতীয় পতাকা (ত্ৰিৰঙ্গা) মেৰিয়াই মাতৃভূমিৰ জয় গান গাই দেশৰ চাৰি সীমাত থিয় থাকি সুৰক্ষিত কৰি ৰাখিছা আমাৰ প্ৰাণ
দেশৰ সুৰক্ষাৰ বাবে
হাঁহি হাঁহিয়েই দিছা
নিজৰ প্ৰাণৰ বলিদান তোমাৰ অমূল্য বলিদানৰ কথা সুৱঁৰি আমি কৰিছো তোমাৰ জয় গুনগান
হে বীৰ শ্বহীদ
তোমাকো সহস্ৰ প্ৰনাম।



Comments