ইজনৰ পিচত সিজন বীৰ পুত্ৰৰ মৃত্যুত ম্ৰীয়মাণ হৈছে আই অসমী। এজন বীৰ পুত্ৰ শ্বহীদ হৈ ঘৰমুৱা যাত্ৰা আৰম্ভ কৰোঁতেই আহি গ’ল দ্বিতীয়টো দুঃসংবাদ। মাওবাদীৰ আক্ৰমণত শ্বহীদ হ’ল অসমীৰ বীৰপুত্ৰ দিলীপ কুমাৰ দাসৰ। খবৰটো পাই ম্ৰীয়মান হ’ ল আই অসমী; ম্ৰীয়মাণ হ’ল আত্মীয়স্বজন। প্ৰথমে কিছুসময় নিৰুদ্দেশ হৈ আছিল তেওঁ; তাৰ পাচতে ঘোষণা হ’ল তেওঁৰ বীৰগতিপ্ৰাপ্তৰ বাতৰি। দুজনী ফুলকুমলীয়া ছোৱালী সহ পৰিয়ালক নিঠৰুৱা কৰি বিষয়াজন গুচি গ’ল দূৰদিগন্তলৈ চিৰদিনৰ বাবে। হে শ্বহীদ! মৃত্যু সকলোৰে চিৰন্তন কলা; কিন্তু তুমি সাৱটি ল’লা “অপৰাজেয় মৃত্যু।“ তুমি স্বৰ্গগামী হ’লা বীৰদৰ্পে দেশৰ বাবে। তুমি অমৰ হ’লা চিৰদিনলৈ ইতিহাসৰ বুকুত। অসীম শ্ৰদ্ধাৰ মালা গাঁথি তোমালৈ অন্তৰেৰে যাঁচিলো প্ৰণাম। বিদেহী আত্মাই পাওক স্বৰ্গত স্থান।
#assamesekobita #axomiyakobita #SahityaChorcha #shardhanjali